22 C
Guwahati
Sunday, December 5, 2021
More

    সংহাৰী বানৰ ভয়াৱহ ৰূপ ডিব্ৰুগড়ত; বানাক্ৰান্ত লোকক উদ্ধাৰ SDRFৰ

    ৫০০ৰো অধিক পৰিয়াল বানৰ কবলত পৰিছে। চেঁচা নদীৰ পানীয়ে বুৰাই পেলাইছে ডিব্ৰুগড়ৰ লেকাই নতুন গাঁও আৰু বিল পথাৰ অঞ্চল

    ৰাজ্যত এতিয়া বানপানীৰ তীব্ৰ ৰূপ। চৌদিশে পানী আৰু পানী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চল এতিয়া বানপানীৰ কবলত।

    কেইবাদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে নদ–নদী সমূহৰ জলপৃষ্ঠ।

    বৃহস্পতিবাৰৰ দিনটোলৈকে নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ, ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ, তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ, শিৱসাগৰ জিলাৰ নংলামুৰাঘাটৰ দিচাং নদীৰ, নুমলীগড়ৰ ধনশ্ৰী নদীৰ, শোণিতপুৰ জিলাৰ এন টি ৰোড ক্ৰছিঙৰ জীয়া ভৰালী নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈছে।

    ইফালে ডিব্ৰুগড়ত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে। নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় চহৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।

    ৫০০ৰো অধিক পৰিয়াল বানৰ কবলত পৰিছে। চেঁচা নদীৰ পানীয়ে বুৰাই পেলাইছে ডিব্ৰুগড়ৰ লেকাই নতুন গাঁও আৰু বিল পথাৰ অঞ্চল।

    পুৱাৰে পৰা SDRF বাহিনীৰ দলে অভিযান চলাই ইতিমধ্যেই উদ্ধাৰ কৰিছে বহু লোকক।

    উদ্ধাৰ কৰা লোকসকলক লেকাই ৰাজহুৱা প্ৰেক্ষাগহত ৰখা হৈছে। ফেনে ফুটুকাৰে বাঢ়ি আছে চেঁচা নদীৰ পানী।

    উজনি নামনিত অব্যাহত আছে বানৰ সংহাৰ। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ ৯খন জিলা বানৰ কৱলত।

    প্ৰৱল বানৰ কবলত পৰা জিলাকেইখন ক্ৰমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া।

    চৰকাৰী তথ্য অনুসৰি ৯খন জিলাৰ ৪৯২খন গাঁও বানত প্লাৱিত। ইয়াৰে ধেমাজিৰ অধিকসংখ্যক গাঁৱৰ ক্ষতিসাধন হৈছে।

    ১৯,৪৩০টা অঞ্চলৰ মুঠ খেতি-পথাৰ বুৰ গৈছে পানীত। এই সংহাৰী বানত ১,৮৯,৩১৪জন লোকৰ ক্ষতিসাধন হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং