27 C
Guwahati
Wednesday, September 22, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    আজি সতী সাধনী দিৱস; জানো আহক সতী সাধনীৰ ইতিহাস

    যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম সতী সাধনী

    আজি সতী সাধনী দিৱস। দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীক আজি ৰাজ্যবাসীয়ে সশ্ৰদ্ধ স্মৰণ কৰিছে।প্ৰকৃতাৰ্থত, সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম সতী সাধনী। সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল।অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ পুত্ৰ নাছিল।

    সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল। বহুত দিনৰ পিছত ৰজা ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়। ৰজাই সকলো আৱশ্যকীয় শিক্ষা দি সাধনীক পাৰ্গত কৰি তুলিছিল। সেয়ে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰিলে। কিন্তু ৰজাই সাধনীৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে, যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব।

    ৰজাই পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলোচনা কৰি কম দিনৰ ভিতৰতে সয়ম্বৰৰ দিন ঘোষণা কৰিলে। ৰজাৰ কথামতে এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতায়ে কেৰ্কেটুৱাটো বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে। পুত্ৰ সৰু হৈ থকাত নাবালক পুত্ৰ সাধকনাৰায়ণৰো দায়িত্ব দি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰে। ৰাজ সিংহাসনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয়। নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে।আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য-সামন্তই পিছ হুঁহুকি চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লয়। আহোম ৰজাই তাতো আক্ৰমণ চলাই যদিও ব্যৰ্থ হয়।ৰাণী সাধনীয়ে আৰু নাৰী সৈন্যই লগত ধনু, কাঁড়, যাঠিলৈ শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক ভেঁটা দিবলৈ চেষ্টা কৰে।

    আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ চেষ্টা চলায় কিন্তু সাধনীৰ নেতত্বত চুতীয়া নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। উল্লেখযোগ্য যে, সাধনীৰ সেই নাৰী বাহিনীয়েই আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী৷ নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়াসকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। তেওঁলোকে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। আহোমসকলে চুতীয়া সকলক বলে নোৱাৰি আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। এইবাৰ নীতিপালক আহোমসকলে হত্যা কৰিলে। সাধনীক কুবেৰৰ সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনালে। সাধনীক ৰাজৰাণীও পতা হ’ব বুলি কোৱা হ’ল।

    তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। এইগৰাকীয়ে মহান নাৰীয়ে ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগ তাৰিখে দিয়ে আত্ম বলিদান। তেতিয়াৰে পৰা ৭ ব’হাগত সতী সাধনীক স্মৰণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনাই আহিছে সকলোৱে।অসমৰ নাৰী সমাজৰ গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক সতী সাধনীৰ মৃত্যু দিৱসত মহীয়সী নাৰীগৰাকীক Time8ৰ ফালৰ পৰা জনালো গভীৰ শ্ৰদ্ধাঞ্জলি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    ২০২০ বৰ্ষৰ পদ্ম বঁটা ঘোষণা, অসমৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

    এই বৰ্ষত দেশৰ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দুগৰাকীকৈ মহিলাই লাভ কৰিছে পদ্ম সন্মান

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    সত্যৰঞ্জন বৰাৰ ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থ বন্ধ কৰাৰ দাবী অৰুণাচলত

    কেব গৃহীত হ'লে অসমৰ লগতে অৰুণাচল প্ৰদেশতো ব্যাপক প্ৰভাৱ পৰিব। কোনো অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অৰুণাচলে। চাংমা আৰু হাজংসকলক লৈয়েই সমস্যাত অৰুণাচল

    দুটা ভাগত বিভক্ত হ’ল KMSS; এফালে KMSS আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল

    অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে

    পত্নীকে গলা টিপে খুন করল স্বামী, পাঁচদিন পর আধপোড়া হাড়গোড় উদ্ধার

    নৃশংস হত্যাকাণ্ডটি সংঘটিত হয়েছে কচুদরম থানা এলাকার দিদারখুশ চতুর্থ খণ্ড গ্রামে।

    কৃষক আন্দোলনের সমর্থনে শিলচরেও বিভিন্ন সংগঠনের বিক্ষোভ

    বিভিন্ন কৃষক সংগঠনের ঘোষণা অনুযায়ী সোমবার তাদের সমর্থনে শিলচরেও বিক্ষোভ প্রদর্শন করেন বিভিন্ন সংগঠনের কর্মকর্তারা।