আজি নিৰ্বাপিত হ’ল বলিউডৰ এক উজ্জল নক্ষত্ৰৰ। যি ক্ষতিপূৰণ হয়তো কোনো কালেই কোনো এজনেও পূৰ কৰিব নোৱাৰিব। যাৰ একো একোটা সাধাৰণ কথাই হৈ পৰিছিল একো একোটা বিশেষ সংলাপ। আজি লৈ যি যি চৰিত্ৰ তেওঁ ৰূপায়ন কৰিছে সেই প্ৰতিটো চৰিত্ৰই যেন কেৱল তেওঁৰ বাবেহে ৰচনা বা চিন্তা কৰা হৈছিল।
নিখুত অভিনয়। অভিনয় জীৱনৰ ৩৪ টা চৰিত্ৰৰ বাবে মনোনয়ন পাইছিল আৰু লাভ কৰিছিল ইয়াৰে ৩২ টাকৈ সন্মান তথা পুৰষ্কাৰ। সেই অভিনেতাগৰাকীৰ মৃত্যুত এক সুকীয়া স্থান আজি খালি হৈ পৰে বলিউডৰ লগতে হলিউডতো।

এই অভিনেতাগৰাকীৰ অসমৰ লগতো আছে এক সম্বন্ধ। অসমলৈ বিশেষকৈ নাহিলেও নাম জড়িত হৈ আছে “মৃত্যুঞ্জয়”ৰ জৰিয়তে। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱৰ কালজয়ী অসমীয়া গ্ৰন্থ “মৃত্যুঞ্জয়”ৰ কাহিনীৰ আধাৰত দূৰদৰ্শন (ডি ডি নেছ’নেল) বাবে এখন ধাৰাবাহিক নিৰ্মাণ কৰা হৈছিল।

অসমৰ যশস্বী ছবি পৰিচালক চাৰুকমল হাজৰিকাই পৰিচালনা কৰিছিল এই মৃত্যুঞ্জয় ধাৰাবাহিকখন। ইয়াতেই অভিনয় কৰিছিল ইৰফান খান আৰু তেওঁৰ লগত আছিল অভিনেত্ৰী ভাগীৰথী। ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণৰ সময়ত লোৱা লৈছিল এই আলোকচিত্ৰ দুখন।
১৯৯৩-৯৪ চনত দুৰদৰ্শনত হিন্দী ভাষাত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকখনত ধনপুৰৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খানে। এইগৰাকী মহান অভিনেতা ইৰফান খানৰ অকাল বিয়োগত অশ্ৰুসিক্ত গভীৰ শ্ৰদ্ধাঞ্জলি TIME8ৰ ফালৰ পৰা।