টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে বক্সাৰ লাভলিনা বুঢ়াগোঁহাইয়ে। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব লাভলিনাই। ক্ৰীড়া ক্ষেত্ৰৰ মহাৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিব লগা লাভলীনা হৈছে অসমৰ পঞ্চমগৰাকী খেলুৱৈ।
গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলিনা বুঢ়াগোঁহাইয়ে জৰ্দানৰ ৰাজধানী আমানত অনুষ্ঠিত এছিয়ান জ’ন অলিম্পিক কোৱালিফায়াৰ্ছৰ ৬৯কেজিৰ কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মেলিভাক পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ টিকট সুনিশ্চিত কৰে।
পিছে কৰ’ণা ভাইৰাছৰ আতংকত চলিত বৰ্ষৰ শেষলৈ পিছুৱাৰ সম্ভাৱনা টকিঅ’ অলিম্পিক। কৰ’ণা ভাইৰাছৰ আতংক অব্যাহত থাকিলে IOCয়ে অলিম্পিক পিছুৱাই দিবলৈ অনুমতি প্ৰদান কৰিব। এই সিদ্ধান্ত কেৱল IOCয়েহে ল’ব পাৰে।
অৱ্শ্য পূৰ্বৰ দিনটোতে অলিম্পিক গেমছ আয়োজনৰ বাবে চেষ্টা চলাব। ২০২০ৰ ২৪ জুলাই শুকুৰবাৰৰ পৰা আগষ্ট ৯ তাৰিখলৈ চলিব এই ক্ৰীড়াৰ মহাৰণ।
Photo Credit: olympic channel