27 C
Guwahati
Thursday, October 14, 2021
More

    ‘কা’ বিৰোধিতা কৰিবলৈ গৈ গুৱাহাটী বিমানবন্দৰত আটক মানস ৰবীন

    ওৰেটো নিশা থানাত আৱদ্ধ কৰি ৰাখে শিল্পী মানস ৰবীনসহ এটা দলক

    গুৱাহাটী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আটক হ’ল সংগীত শিল্পী মানস ৰবীন। বলীউডৰ শিল্পীক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাবলৈ গৈছিল। তেনে সময়তে শিল্পী মানস ৰবীনসহ ৭জনক আটক কৰিলে আৰক্ষীয়ে। আজাৰা থানাত বন্দী কৰি ৰাখে শিল্পীগৰাকীক।

    গুৱাহাটীত অনুষ্ঠিত হোৱা ৬৫সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত ভাগ লবলৈ অহা বলিউডৰ শিল্পীক ‘কা’ৰ বিৰুদ্ধি থিয় হ’বলৈ আহ্বান জনাইছিল মানস ৰবীনে। হাতত প্লে কাৰ্ড লৈ ‘কা’ৰ বিৰুদ্ধে শ্লোগান দিছিল মানস ৰবীনসহ এটা দলে। ওৰেটো নিশা থানাত আৱদ্ধ কৰি ৰাখে আটাইকেইগৰাকীক।

    থানাৰ পৰা ওলাইয়ে ছচিয়েল মিডিয়াযোগে জনাই ঘৰ পোৱাৰ খবৰো।

    Photo: MANAS ROBIN

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং