26 C
Guwahati
Wednesday, September 28, 2022
More

    বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকক হত্যা, হোজাইত লাগিছে হাহাকাৰ

    পঞ্জাৱত হত্যা কৰিলে হোজাই জিলাৰ মোৰাঝাৰ শিৱপুৰ গাঁৱৰ আফতাৰ হুছেইন নামৰ যুৱকজনক

    আকৌ বহিঃৰাজ্যত হত্যাৰ বলি হ’ল অসমৰ এজন যুৱক। এইবাৰ পঞ্জাৱত হত্যা কৰিলে হোজাই জিলাৰ মোৰাঝাৰ শিৱপুৰ গাঁৱৰ আফতাৰ হুছেইন নামৰ যুৱকজনক। আৰু এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত।

    উল্লেখ্য যে কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই গৈ পঞ্জাৱত আছিল আফতাৰ হুছেইন। পঞ্জাৱৰ চোহানা চাহেবজাদা আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলত অট্টালিকা নিৰ্মাণৰ কামত নিয়োজিত আছিল আফতাৰ। আৰু সেই ঠাইৰ পৰাই আফতাৰৰ মৃত্যু হোৱা বুলি ফোনযোগে আহিছিল খবৰ।

    কিন্তু এই কথা মানি ল’ব বিচৰা নাই আফতাৰৰ পৰিয়ালৰ লোকে। আফতাৰক হত্যা কৰা বুলি অসম চৰকাৰৰ জৰিয়তে ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে পৰিয়ালে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং