পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক আবদ্ধ। তামিলনাডুত দুদিন ধৰি আবদ্ধ হৈ আছে ১৩জনকৈ যুৱক। এটা কোঠাত আবদ্ধ কৰি যুৱককেইজনক প্ৰাণে মৰাৰ ভাবুকি।
কামৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল আটাইকেইজন। শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ এতিয়া যুৱককেইজন আবদ্ধ হৈ আছে তামিলনাডুৰ এটা কোঠাত।
যুৱককেইজনৰ পৰা কাঢ়ি লৈছে তেওঁলোকৰ লগত থকা টকা আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰও। কামৰ বিনিময়ত ধন দিয়াৰ বিপৰীতে কোঠাত আবদ্ধ কৰি ৰাখে আটাইকেইজনক।
তামিলনাডুৰ পৰাই সহায় ভিক্ষা যুৱককেইজনৰ। বন্ধ কোঠাত আবদ্ধ হৈ থকা অৱস্থাতে উদ্ধাৰৰ বাবে যুৱককেইজনে কাতৰ আহ্বান জনাইছে অসম চৰকাৰ আৰু আৰক্ষীক। আবদ্ধ হৈ থকা যুৱককেইজন চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ।