26 C
Guwahati
Wednesday, September 28, 2022
More

    থানাৰ ভিতৰতে অসমৰ মহিলাক গুপ্তাংগত প্ৰহাৰ আৰক্ষীৰ

    অসমৰ পৰা কাম কৰিবলৈ যোৱা লোকৰ ওপৰত চলা নিৰ্যাতন কোনো নতুন কথা নহয়, তেনে সময়তে পোহৰলৈ আহিছে অসমৰ মহিলাক এনেদৰে হাৰাশাস্তি কৰাৰ এক খবৰ

    হাৰিয়ানাৰ এখন থানাত আৰক্ষীৰ নাভূত-নাশ্ৰুত কাণ্ড, এগৰাকী মহিলাক গুপ্তাংগত লাঠী, বেল্টেৰে প্ৰহাৰ কৰে আৰক্ষীয়ে। গুড়গাঁৱত বনকৰা হিচাপে থকা অসমৰ ৩০ বছৰীয়া এগৰাকী মহিলাক অতি নিৰ্লজ্জভাৱে প্ৰহাৰ। মঙলবাৰে গৃহস্থই মহিলাগৰাকীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন কৰাত থানালৈ নি মহিলাগৰাকীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰক্ষীয়ে।

    দেশৰ বিভিন্ন প্ৰান্তত অসমৰ পৰা কাম কৰিবলৈ যোৱা লোকৰ ওপৰত চলা নিৰ্যাতন কোনো নতুন কথা নহয়, তেনে সময়তে পোহৰলৈ আহিছে অসমৰ মহিলাক এনেদৰে হাৰাশাস্তি কৰাৰ এক খবৰ। দুগৰাকী মহিলা আৰক্ষীসহ মুঠ ৪গৰাকী আৰক্ষী বিষয়াই অমানুষিকভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অসমৰ মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে।

    উল্লেখ্য যে বহিঃৰাজ্যত নিৰ্যাতনৰ বলি হোৱা অসমৰ লোকক সহায়ৰ বাবে ২০১৪ চনতে মুকলি কৰা হৈছিল হেল্পলাইন নম্বৰ। আৰু এই হেল্পলাইন নম্বৰতে ঘটনা সম্পৰ্কে অৱগত কৰে হাৰিয়ানাত ভুক্তভোগী অসমৰ মহিলাগৰাকীৰ স্বামীয়ে। আনহাতে উত্তৰ-পূবৰ প্ৰায় দুই শতাধিক লোকে জঘন্য কাণ্ড সংঘটিত হোৱা থানাত উপস্থিত হৈ দাবী তোলে আৰক্ষী বিষয়াকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ।

    ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি চুৰিত অভিযুক্ত অসমৰ মহিলাগৰাকীক থানালৈ মাতি নিছিল তদন্তকাৰী আৰক্ষী বিষয়াই, আৰু থানাত হাজিৰ হোৱা মহিলাগৰাকীক লৈ যায় এটা কোঠাৰ ভিতৰলৈ। আৰু তাৰ পিছতে মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন অংশৰ লগতে গুপ্তাংগতো প্ৰহাৰ কৰে আৰক্ষীয়ে। মঙলবাৰে সংঘটিত এই নৃশংস কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশজুৰি। আনহাতে এই ঘটনাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গুৰুগ্ৰাম আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰিছে জাননী আৰু এই জাননী লাভ কৰাৰ ৪ সপ্তাহৰ ভিতৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক প্ৰদান কৰিব লাগিব প্ৰতিবেদন।

    Photo credit : kractivist.wordpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং