30 C
Guwahati
Monday, January 30, 2023
More

    ১০ বজাৰ লগে লগেই মহানগৰীত খুলিল সুৰাৰ বিপণী; লাগিছে গ্ৰাহকৰ ভিৰ

    সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ সুৰাৰ বিপণী সমূহক

    ১০ বজাৰ লগে লগে গুৱাহাটীত খুলিল সুৰাৰ বিপণী। মহানগৰীৰ প্ৰতিখন সুৰাৰ বিপনীতে লাগিছে গ্ৰাহকৰ ভিৰ। সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ সুৰাৰ বিপণী সমূহক। আৱকাৰী বিভাগৰ সিদ্ধান্ত অনুসৰি খুলিলে এই বিপণীসমূহ।সন্ধিয়া ৫ বজালৈ খোলা থাকিব সুৰাৰ বিপণী। লক ডাউনৰ বাবে বন্ধ হৈ আছিল সুৰাৰ বিপণী।

    উল্লেখ্য যে বিপনীসমূহৰ স্বত্বাধিকাৰীয়ে তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে যাতে গ্ৰাহকৰ সৈতে সামাজিক দূৰত্ব মানি চলাৰ লগতে Covid-19 সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিয়মসমূহ কঠোৰভাৱে মানি চলে সেয়া নিশ্চিত কৰিব লাগিব আৰু ইয়াৰ লগতে Coivid-19 সংক্ৰান্তীয় নীতি-নিয়ম উলংঘা কৰিলে সংশ্লিষ্টসকলৰ আবকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।

    Photo Credit: Goa Biz

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং