17 C
Guwahati
Saturday, January 15, 2022
More

    সামাজিক দূৰত্ব বজাই নাৰাখিলে ভৰিব লাগিব জৰিমনা, যাব লাগিব জেল!

    এই মহামাৰী কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ অসম চৰকাৰে যিসমূহ নীতি-নিৰ্দেশনা ঘোষণা কৰিছে সেই নিৰ্দেশনা যিসকলে মানি নচলে সেইসকলক দণ্ডিত কৰা হ'ব

    দেশত বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ ২১ দিনৰ লকডাউন ঘোষণা কৰে। লকডাউনৰ লগতে ৰাইজক অসম চৰকাৰে আহ্বান জনাইছিল যে মুখত মাস্ক পৰিধান কৰা, সময়ে সময়ে হেণ্ড ৱাছ আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰা, এজনৰ পৰা আন এজনৰ মাজত ১ মিটাৰ দূৰত্ব বজাই ৰখা আৰু লকডাউনৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ।

    এই মহামাৰী কৰ’ণা ভাইৰাছৰ সৈতে যুঁজ দিবলৈ অসম চৰকাৰে যিসমূহ নীতি-নিৰ্দেশনা ঘোষণা কৰিছে সেই নিৰ্দেশনা যিসকলে মানি নচলে সেইসকলক দণ্ডিত কৰা হ’ব।

    অসম চৰকাৰে ক’লে যে সামাজিক দূৰত্ব বজাই নাৰাখিলে IPC Section188ৰ অধীনত অপৰাধ বুলি গণ্য হ’ব। অসম চৰকাৰৰ এই কঠোৰ সিদ্ধান্ত গ্ৰহণ। এই ধাৰাত এমাহৰ পৰা ছমাহ পৰ্যন্ত জেল আৰু জৰিমনাৰ বিধান আছে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ধাৰাত।

    মহামাৰী ৰোগ অধিনিয়ম, ১৮৯৭ ধাৰা ৩, অধিনিয়মৰ অধীনৰ যিকোনো আদেশ অবজ্ঞা কৰিলে দণ্ডনীয় হ’ব।

    Photo credit: eastmojo.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং