26 C
Guwahati
Friday, October 7, 2022
More

    ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী আৰু গৱেষকৰ মাজত মাৰপিট

    ঘটনা সন্দৰ্ভত সাংসদ ৰাজদ্বীপ ৰয়ৰ সৈতে আলোচনাত বহে ছাত্ৰ-ছাত্ৰী আৰু গৱেষক সকলে

    শিলচৰৰ অসম বিশ্ববিদ্যালয়ত পুনৰ উত্তপ্ত পৰিস্থিতি৷ ছাত্ৰ আন্দোলনক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী আৰু গৱেষক সকলৰ দুটা ফৈদৰ মাজত মাৰপিট৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শেষত আৰক্ষী মোতায়ন কৰিবলগীয়া হয়৷

    পিছত ঘটনাস্থলীত উপস্থিত হয় সাংসদ ৰাজদ্বীপ ৰয়৷ ছাত্ৰ-ছাত্ৰী আৰু গৱেষক সকলৰ লগত আলোচনাত বহে ৰাজদ্বীপ ৰয়ে৷ বিশ্ববিদ্যালয়ৰ মূল গেটৰ সম্মুখত এই উত্তেজনাময় পৰিস্থিতি৷

    উল্লেখ্য যে বিগত ১০ দিন ধৰি বিশ্ববিদ্যালয়ৰ ৰিছাৰ্চ স্ক’লাৰ ছাত্ৰছাত্ৰী সকলে ছাত্ৰ নেতা মিলন দাসক বহিষ্কাৰৰ প্ৰতিবাদত বিশ্ববিদ্যালয়ৰ সম্মুখত আন্দোলন কৰি আহিছে৷ ১০ দিন দৰি আন্দোলন কৰি থকাৰ ফলত বিশ্ববিদ্যলয়ত চৰম অচল অৱস্থাৰ সৃষ্টি হৈছে৷ বন্ধ হৈছে পাঠদান।

    সেয়ে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী সকলক আজি বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সম্মুখত আন্দোলন কৰাৰ সলনি আন ঠাইত আন্দোলন কৰাৰ বাবে এখন নিৰ্দেশ জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষয়৷

    Photo And Video Credit: Yasin Mazumder

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং