সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। সকলো তৎপৰ হৈ পৰিছে কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে। ভাৰতত এই মাৰাত্মক ভাইৰাছবিধত ৭ জনে প্ৰাণ হেৰুৱাৰ লগতে আক্ৰান্ত হৈছে ৩৯৬ জন। বৰ্তমান সময়ত কৰ’ণা ভাইৰাছৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই আজিৰে পৰা ৪৮ ঘণ্টীয়া চাহ বাগিচা বন্ধ ঘোষণা কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা আৰু সাধাৰণ সম্পাদক পৱন বেদিয়াই। ইয়াৰ উপৰিও Industrial Disput Act 1948ৰ অধীনত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰিব লগা নিৰ্দেশনা অনুযায়ী চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী জনাইছে আটছাই।
Photo Credit: traveltriangle.com