বিশ্ৱজুৰি অসমৰ চাহৰ অভিলেখ। এটাৰ পিছত এটাকৈ অভিলেখ ভংগ কৰিছে অসমৰ চাহে। মনোহৰী আৰু মাইজানৰ পিছত এইবাৰ ডিকম চাহ বাগিচা। এক কিলোগ্ৰাম ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত। এই চাহ বিশ্ৱৰ ভিতৰত আটাইতকৈ দামী চাহ।
মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত এক কেজি ডিকম চাহ নিলাম কেন্দ্ৰত ৭৫ হাজাৰ টকাত বিক্ৰী হোৱা চাহবিধে এই বিশ্ৱ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
এই নিলাম কেন্দ্ৰতে এই বছৰ মনোহৰি চাহ-বাগিচাৰ মনোহৰী গ’ল্ডন চাহে ৫০ হাজাৰ, মাইজান চাহ-বাগিচাৰ গ’ল্ডেন তিপছে প্ৰতি কেজিত ৭০,৫০১ টকা মূল্য পোৱাৰ পিছত মঙলবাৰে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ডিৱ্ৰুগড়ৰ ডিকম চাহ-বাগিচাত উৎপাদন হোৱা গ’ল্ডেন বাটাৰফ্লাই চাহে প্ৰতি কেজিত ৭৫ হাজাৰ টকা মূল্য লাভ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰে। M/S Assam tea tredars-এ এই অভিলেখ মূল্যত ক্ৰয় কৰে এই চাহ। বাগিচাখনত উৎপাদিত চাহে অভিলেখকাৰী মূল্য লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বাগিচাখনৰ কৰ্তৃপক্ষ।