27 C
Guwahati
Wednesday, December 1, 2021
More

    Breaking: আন এটা স্বৰ্ণপদক অৰ্জন অসমৰ শিৱাংগী শৰ্মাৰ

    দেওবাৰেও ১০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত ব্যক্তিগত সোণৰ পদক আজুৰিছিল সাঁতোৰবিদগৰাকীয়ে। শনিবাৰেও ৪০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত সোণৰ পদক আজুৰিবলৈ সক্ষম হৈছিল শিৱাংগী শৰ্মাই

    গুৱাহাটীত অনুষ্ঠিত তৃতীয় বৰ্ষৰ ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ শিৱাংগী শৰ্মাৰ সাঁতোৰত বৰ্তমানলৈকে ৫টাকৈ সোণৰ পদক অৰ্জন। মঙলবাৰে ৫০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত সোণৰ পদক আজুৰিবলৈ সক্ষম হয় অসম কন্যাগৰাকীয়ে। দেওবাৰেও ১০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত ব্যক্তিগত সোণৰ পদক আজুৰিছিল সাঁতোৰবিদগৰাকীয়ে। শনিবাৰেও ৪০০ মিটাৰ ফ্ৰী ষ্টাইল শাখাত সোণৰ পদক আজুৰিবলৈ সক্ষম হৈছিল শিৱাংগী শৰ্মাই।

    উল্লেখ্য যে শুকুৰবাৰে আৰম্ভ হোৱা সাঁতোৰৰ প্ৰথম দিনটোতে দুটাকৈ ব্যক্তিগত স্বৰ্ণপদক অৰ্জন কৰিছিল। সৰু সজাইত অনুষ্ঠিত ছুইমিঙৰ ২১ বছৰৰ অনুৰ্ধ্বত মহিলাৰ ২০০ আৰু ৮০০ মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণপদক লাভ কৰিছিল শিৱাংগীয়ে। আন তিনিটা ইভেন্ট ক্ৰমে ৫০, ১০০ আৰু ৪০০ মিটাৰ ফ্ৰী ষ্টাইলতো স্বৰ্ণ অৰ্জন অসমৰ শিৱাংগী শৰ্মাৰ। বিগত বৰ্ষৰ ছাফ গেমছতো স্বৰ্ণপদক জয় কৰিছিল অসমৰ সন্তৰণবীদ গৰাকীয়ে।

    Photo credit: thebridge.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং