25 C
Guwahati
Thursday, October 6, 2022
More

    পৰেশ বৰুৱাক জংঘলৰ পৰা ওলাই আহি শান্তি আলোচনাত ভাগ লোৱাৰ বাবে আহ্বান প্ৰমিলা ৰাণী ব্ৰহ্মৰ

    আঁতৰত লুকাই থাকিলে কোনো সমস্যাৰে একো সমাধান নোলাব বা উলিওৱা সমাধানো মনঃপুত ন'হব

    বিপিএফ নেত্ৰী তথা সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বঙাইগাঁৱৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ ল’বলৈ গৈ পৰেশ বৰুৱাক আহ্বান জনাই শান্তি আলোচনাৰ বাবে। অস্ত্ৰ ত্যাগ কৰি অন্য আলফা নেতা আৰু এন ডি এফ বিৰ সদস্য সকলৰ দৰে আগবাঢ়ি আহিব লাহে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

    প্ৰমিলাই কয় যে, “মই মাতৃ হৃদয় লৈ তেওঁক আহ্বান জনাইছো জংঘলৰ পৰা ওলাই আহিব লাগে আৰু বহুত হ’ল, দেশমাতৃৰ আহ্বান শুনিব লাগে। অস্ত্ৰ ত্যাগ কৰি আলোচনাত ভাগ লৈ দেশৰ উন্নতিত সহায়ক হ’ব লাগে।অসমৰ কোনো অস্ত্ৰধাৰী সংগঠন জংঘলত থাকিব নালাগে”

    লগতে ইয়াকো কয় যে অসমৰ শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰচেষ্টা হাতত লৈছে সকলোৱে সেই প্ৰচেষ্টাক সহাৰী জনাই আগবাঢ়ি আহিব লাগে। যিটো সমগ্ৰ অসমৰ বাসীৰ বাবেই এক শুভ বাৰ্তা।

    আলোচনাৰ মাজেৰে হে সদায় সমাধান ওলাই গতিকে পৰেশ বৰুৱাও আহি এই শান্তি আলোচনাত ভাগ ল’ব লাগে যি দৰে অন্য আলফাৰ সদস্য আৰু এন ডি এফ বিৰ সদস্য সকলে এই শান্তি আলোচনাত ভাগ লৈছে।

    যদিহে এই দীৰ্ঘ সমস্যাৰ উচিত সমাধান বিচাৰে তেন্তে ওলাই আহি আলোচনাত ভাগ লব লাগিব। আঁতৰত লুকাই থাকিলে কোনো সমস্যাৰে একো সমাধান নোলাব বা উলিওৱা সমাধানো মনঃপুত ন’হব।

    এই আলোচনাৰ জৰিয়তে সকলোৰে সমানে সুূবিধা হোৱাকৈ আৰু সকলোৰে বাবে গ্ৰহণ যোগ্য হোৱাকৈ নিৰ্ণয় লোৱা হ’ব। সেইটোৱেই সকলোৱে বিচাৰে।

    অন্যহাতে UTCৰ বিষয়ে একো নাজানে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। বড়োলেণ্ড সন্দৰ্ভত আহিবলগীয়া UTC তেওঁ দেখা নাই এই সন্দৰ্ভত কোনো তথ্যও তেওঁৰ ওচৰত নাই। এই চুক্তিৰ আৰম্ভণি হে হৈছে কোনো চাক্ষৰ হোৱা নাই বুলিও কয় প্ৰমিলা ৰাণী ব্ৰহ্মই।

    Inputs and Photo: Prasanta Ray

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং