22 C
Guwahati
Tuesday, October 26, 2021
More

    অসম সাহিত্য সভাৰ চৌহদত পৰমানন্দ বিৰোধী বেনাৰ ‘মই মুকলি মনেৰে কেব সমৰ্থন কৰো’

    মোৰ পৰা একো আশা নকৰিব মই বিক্ৰী হ'লো

    সমগ্ৰ ৰাজ্য কেবৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰাৰ বিপৰীতে অসম সাহিত্য সভাৰ স্থিতি একেবাৰে সেৰেঙা। সকলো দল-সংগঠন একেলগ হৈ আন্দোলন কৰাৰ বিপৰীতে অকল সাহিত্য সভা ভৱনৰ ভিতৰতে সংবাদমেল পাতি নিজৰ দায়িত্ব সামৰিছে অসম সাহিত্য সভাৰ সভাপতি মহোদয়ে। সভাপতি পৰমানন্দ ৰাজবংশীৰ এনে দায়িত্ববোধ দেখি সাধাৰণ জনতাও খঙত উতলি উঠিছে।

    Photo: Time8

    সেয়ে নিশাৰ ভাগত জনচক্ষুৰ অলক্ষিতে কোনো লোকে সাহিত্য সভা ভৱনত পৰমানন্দ বিৰোধী বেনাৰ আৰি থৈ যায়। য’ত লিখা আছে ”নমস্কাৰ মই পৰমানন্দ ৰাজবংশী, সভাপতি অসম সাহিত্য সভা। মোৰ সন্তানক মই ইংৰাজী মাধ্যমত পঢ়ুৱাইছো, মোৰ পৰা একো আশা নকৰিব মই বিক্ৰী হ’লো আৰু মই মুকলি মনেৰে কেব সমৰ্থন কৰো।”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং