12.5 C
Guwahati
Saturday, January 29, 2022
More

    অসম আৰক্ষীয়ে গুৱাহাটীলৈ আনিব শ্বাৰ্জিল ইমামক

    শ্বাৰ্জিলক অসমলৈ আনিবলৈ ১০ দিন ধৰি মহানগৰ আৰক্ষীৰ দল এটা বাহৰ পাতি আছে নতুন দিল্লীত

    শ্বাহিনবাগত ৰাজহুৱাকৈ ৰে’ল লাইন বিঘ্নিত কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ গৱেষক ছাত্ৰ আৰু IITমুম্বাইৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অসম আৰক্ষী, দিল্লী আৰক্ষী, বিহাৰ আৰক্ষী আৰু অৰুণাচল আৰক্ষীয়ে ৰুজু কৰিছিল দেশদ্ৰোহৰ গোচৰ।শ্বাৰ্জিল ইমামক শুকুৰবাৰে অসমলৈ অনাৰ সম্ভাৱনা আছে।

    উল্লেখ্য যে শ্বাৰ্জিলক অসমলৈ আনিবলৈ ১০ দিন ধৰি মহানগৰ আৰক্ষীৰ দল এটা বাহৰ পাতি আছে নতুন দিল্লীত ৷ ২৮ জানুৱাৰীত দিল্লী আৰক্ষীয়ে শ্বাৰ্জিলক বিহাৰৰ জাহানাবাদ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান দিল্লী আৰক্ষীৰ জিম্মাতে আছে ছাত্ৰজন। দিল্লী আৰক্ষীৰ জিম্মা শেষ হ’লেই গুৱাহাটীলৈ অনা হ’ব শ্বাৰ্জিল ইমামক৷ এই মন্তব্য আৰক্ষী আয়ুক্তৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং