31 C
Guwahati
Wednesday, September 28, 2022
More

    আৰক্ষীক অচেতন কৰি সা-সামগ্ৰী লুটি নিলে দুৰ্বৃত্তই

    বঙাইগাঁও জিলাৰ ৰে’লৱে অল্ড কলনীৰ শনি মন্দিৰৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ হয় এজন আৰক্ষী জোৱান। নিশা প্ৰায় ৯ মান বজাত জোৱানজনক উত্তৰ বঙাইগাঁও পহৰা চকীৰ আৰক্ষীয়ে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱায় এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত।

    অচেতন অৱস্থাত উদ্ধাৰ হোৱা অষ্টম অসম আৰক্ষী বাহিনীৰ ৩১ বছৰীয়া জোৱানজন নবীন সৰকাৰ বুলি পৰিচয় লাভ কৰে আৰক্ষীয়ে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ অন্তৰ্গত শ্ৰীৰামপুৰত ঘৰ আৰক্ষী জোৱানজনৰ।

    উল্লেখ্য যে ৰে’লেৰ যাত্ৰা কৰাৰ সময়তে আৰক্ষী জোৱানজনক কোনো দুৰ্বৃত্তই খুৱাই দিয়ে নিচাজাতীয় ঔষধ আৰু লগে লগে অচেতন হৈ পৰা জোৱানজনৰ সমস্ত সা-সামগ্ৰী লুটি লৈ যায় দুষ্ট চক্ৰই আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং