33 C
Guwahati
Wednesday, September 28, 2022
More

    অসম আৰক্ষীৰ দক্ষতাত গৃহ মন্ত্ৰী হিচাপে গৌৰাৱান্বিত : সৰ্বানন্দ সোণোৱাল

    পাৰদৰ্শিতাৰে কাম কৰিছে আৰক্ষীয়ে কিন্তু বহু অসাধু লোক আছে অসমত। সেইবোৰক ৰোধ কৰিব লাগিব আমি

    আজি অসম আৰক্ষী দিৱস। গুৱাহাটীৰ কাহিলীপাৰাৰ চতুৰ্থ আৰক্ষী বেটেলিয়নৰ ছাউনীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৬৯সংখ্যক অসম আৰক্ষী দিৱস। য’ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসহ উপস্থিত থাকে আৰক্ষীৰ বিভিন্নজন।

    অসম আৰক্ষী দিৱসৰ কাৰ্যসূচীত অংশ লৈ আৰক্ষীৰ দক্ষতাত গৃহ মন্ত্ৰী হিচাপে গৌৰৱান্বিত বুলি ক’লে সৰ্বানন্দ সোণোৱালে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে পাৰদৰ্শিতাৰে কাম কৰিছে আৰক্ষীয়ে কিন্তু বহু অসাধু লোক আছে অসমত। সেইবোৰক ৰোধ কৰিব লাগিব আমি।

    সদায় সততা আৰু নিষ্ঠাৰে কাম কৰি যাব লাগিব আৰক্ষীয়ে, সাধাৰণ মানুহে আপোনালোকৰ পোছাকক যথেষ্ট সন্মান কৰে। সেয়ে ইয়াত দাগ নলগাব। বহু লোক আহিব আপোনালোকক আন পথ দেখাব, কিন্তু আপোনালোকে উপাৰ্জনৰ বেলেগ পথ ল’লে নহ’ব। এই পোছাকত দাগ কেতিয়াও নলগাব। অসম আৰক্ষী দিৱসৰ দিনাই আৰক্ষীলৈ এই আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

    অসম আৰক্ষীৰ বিৰুদ্ধে যি ৰাজহুৱা অভিযোগ আহিছে, সেয়া আপোনালোকে দূৰ কৰিব লাগিব। সদায় সততাৰে কাম কৰি দেখুৱাব লাগিব। অসম আৰক্ষীয়ে ভাল কাম কৰে যে সেয়া দেখুৱাব লাগিব। একপ্ৰকাৰ শেহতীয়া ঘটনাসমূহক লৈ আওপকীয়াকৈ আৰক্ষীক সমালোচনা কৰা দেখা যায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং