29 C
Guwahati
Wednesday, October 13, 2021
More

    ধন সংগ্ৰহত ব্যস্ত আৰক্ষী, ৰাজপথতে অবৈধভাৱে মুকলিকৈ ধন সংগ্ৰহ

    গোপন কেমেৰাত বন্দী হৈছে আৰক্ষীৰ এই নিৰ্লজ্জ কাণ্ড

    ৰাজ্যৰ আৰক্ষীৰ লজ্জাজনক কাণ্ড। ৰাজপথত বাহনৰ ধন সংগ্ৰহ কৰাত ব্যস্ত আৰক্ষী। এই দৃশ্য বন্দী হৈছে গোপন কেমেৰাত। হোজাইৰ জিলাৰ নীলবাগান দৈনিক এটাৰ পাছত আনটো পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদি নীলবাগান আৰক্ষীয়ে এই দুৰ্ঘটনা ৰূধিবলৈ কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত ন’হল।

    তাৰ বিপৰীতে নীলবাগান আৰক্ষী ব্যস্ত ৰাজপথত ধন সংগ্ৰহত। নীলবাগান উপ আৰক্ষী চকীৰ আৰক্ষীয়ে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৱা ট্রাক সমূহৰ পৰা এনেদৰে অবৈধভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে গোপন কেমেৰাত বন্দী হৈছে আৰক্ষীৰ এই নিৰ্লজ্জ কাণ্ড।

    ঘটনাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে হোজাইত। কিয়নো এই স্থানতে প্রায় দুৰ্ঘটনা সংঘটিত হৈ অহাৰ সময়তে যোৱা নিশাও নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰফিক উদ্দিনক তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে। বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে শিক্ষক গৰাকী।

    Photo: Sohidul Alam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং