উচ্চতম ন্যায়ালয়ে NRC সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ দাবী নাকচ কৰিলে। উচ্চতম ন্যায়ালয়ে ক’লে যে NRCৰ তথ্যত আধাৰৰ দৰে গোপনীয়তা বজাই ৰখা হ’ব আৰু ৩১ আগষ্টত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।
- NRC সন্দৰ্ভত কেন্দ্ৰৰ আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে
- কেন্দ্ৰই পুনৰ তদন্ত কৰিবলৈ দাবী কৰিছিল
- NRCৰ তথ্যত বজাই ৰখা হ’ব গোপনীয়তা
উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ দাবী খাৰিজ কৰি দিয়া হৈছে। কেন্দ্ৰ চৰকাৰে NRCক পুনৰ কৰিবলৈ আৰু নথি পুনৰীক্ষণ কৰাৰ দাবী কৰিছিল।
NRCত অন্তৰ্ভুক্তসকলৰ নাম অনলাইনযোগে প্ৰকাশ পাব। বাদ পৰা সকলৰ নাম মাত্ৰ এবাৰহে প্ৰকাশ হ’ব।