27 C
Guwahati
Monday, September 26, 2022
More

    NRCত নাম নাই মুক্তিযুঁজাৰুৰ পুত্ৰ-কন্যাৰ, ভাৰতৰ স্বাধীনতা আন্দোলনত ৪২ দিন কাৰাবাস খাটিছিল এইগৰাকী লোকে

    মুক্তি যুঁজাৰুগৰাকীৰ কন্যা প্ৰমিলা বিশ্বাস, কন্যা লক্ষী বিশ্বাস আৰু পুত্ৰ প্ৰতাপ বিশ্বাসৰ।

    সদ্য প্ৰকাশিত NRCক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় বাক্সাত। জিলাখনৰ তামুলপুৰৰ নাগ্ৰীজুলিৰ বাসিন্দা সত্যেন্দ্ৰ বিশ্বাস নামৰ এগৰাকী মুক্তিযুঁজাৰু পৰিয়ালৰ কেইবাজনো লোকৰ নাম অন্তৰ্ভুক্ত নহ’ল NRCত।

    ভাৰতৰ স্বাধীনতা আন্দোলনত ৪২ দিন কাৰাবাসত দিন কটোৱা মুক্তিযুঁজাৰু সত্যেন্দ্ৰ বিশ্বাসৰ পুত্ৰ-কন্যাৰ নাম অন্তৰ্ভুক্ত নহ’ল এনআৰচিত।

    এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। তামুলপুৰৰ ইক্রাবিল গাঁও নিৱাসী প্ৰয়াত সত্যেন্দ্ৰ বিশ্বাস ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। ইয়াৰ উপৰিও ব্ৰিটিছৰ শাসন কালত ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি ব্ৰিটিছৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ উপৰিও ১৯৪৩ চনৰ মে’ মাহত নগাঁও জিলা কাৰাগাৰত বন্দী হৈ ৪২ দিন বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছিল সত্যেন্দ্ৰ বিশ্বাসে।

    কিন্তু এন আৰ চিত নাম নাই মুক্তি যুঁজাৰুগৰাকীৰ কন্যা প্ৰমিলা বিশ্বাস, কন্যা লক্ষী বিশ্বাস আৰু পুত্ৰ প্ৰতাপ বিশ্বাসৰ। মুক্তি যুঁজাৰুৰ পৰিয়ালৰ সদস্যৰ নাম NRCত অন্তৰ্ভূক্ত নোহোৱাটো দুৰ্ভাগ্যজনক বুলিও ক্ষোভ প্ৰকাশ কৰে পৰিয়ালৰ লোকসকলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং