অসম আন্দোলনৰ অগ্ৰণী নেতা বীৰেণ দেৱৰ মৃত্যু। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত বীৰেণ দেৱে আজি মৃত্যুক আঁকোৱালি লয়। বৰপেটা-চেঙাত পৰিছে শোকৰ ছাঁ। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত আছুৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে সমুখৰ পৰা নেতৃত্ব দিছিল বীৰেণ দেৱে। বৰপেটা জিলাৰ চেঙাত ১৯৬০ চনত জন্মগ্ৰহণ কৰা বীৰেণ দেৱে সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতিৰো দায়িত্বত আছিল।
পাছলৈ তেওঁ মধ্য কামৰূপ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে যোগদান কৰি শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত একাত্ম হৈ পৰিছিল। এগৰাকী সুবক্তা হিচাপে পৰিচিত বীৰেণ দেৱৰ অসমীয়া ভাষাত আছিল বিশেষ দখল। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আছুৰ উপ সভাপতি প্ৰদীপ দাসে এগৰাকী নিৰ্জু প্ৰকৃতিৰ সমাজ সংগঠকক হেৰুৱালো বুলি উল্লেখ কৰে।

মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ গোপেশ শৰ্মাৰো শোক প্ৰকাশ। চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ তিনিদিনৰ বাবে পতাকা অৰ্ধনমিত।
বীৰেণ দেৱৰ মৃত্যুত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাস, খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ মুখ্য আহ্বায়ক গোবিন্দ গায়ন, চেঙা ঐক্য সন্মিলনৰ সভাপতি অনিল চন্দ্ৰ পাঠক, সম্পাদক কুলেন্দ্ৰ ডেকা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলাৰ সম্পাদক ছোলমান হুছেইনকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।
Photo: Time8