31 C
Guwahati
Thursday, August 4, 2022
More

    চৰাইদেউত ৰান্ধনিৰ ভয়ত খাদ্য যোগান নধৰিলে NGOৰ বাহন চালকৰ

    ইফালে আজি সোণাৰিৰ নাফুকস্থিত NGOৰ ৰান্ধনি শাললৈ দলিয়ালে শিলগুটি

    চৰাইদেউত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়মৰ অভিযোগ। বুধবাৰে ছাত্ৰ-ছাত্ৰীয়ে নাপালে মধ্যাহ্ন ভোজন। ৰান্ধনিৰ ভয়ত খাদ্য যোগান ধৰিবলৈ অস্বীকাৰ কৰিলে NGOৰ বাহন চালকে। ৫ নৱেম্বৰৰ পৰা চৰাইদেউ জিলাত আৰম্ভ হোৱা মধ্যাহ্ন ভোজন আঁচনিৰ খাদ্য কম হোৱাত ঘূৰাই পঠিয়াইছিল বহু বিদ্যালয়ে।

    মধ্যাহ্ন ভোজন আঁচনিৰ নামত দায়িত্ব প্ৰাপ্ত NGOৰ বিৰুদ্ধে ব্যাপক বিসংগতিৰ অভিযোগ। আনহাতে দায়িত্ব প্ৰাপ্ত মাইক্ৰ এডুকেশ্বন এণ্ড ছচিয়েল ৱেলফেয়াৰ নামৰ NGOৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ গাড়ী চালকৰ। কোনো ধৰণৰ চুক্তি নকৰাকৈ মধ্যাহ্ন ভোজনৰ খাদ্য পৰিবহনৰ নামত ব্যৱহাৰ কৰিছে ৪০ খনকৈ বাহন।

    বিদ্যালয় অনুপাতে যোগান ধৰা বাহন কম হোৱা বাবে সময়মতে পোৱা নাই খাদ্য। ৫০৬ খন বিদ্যালয়ৰ বিপৰীতে ৪০খন ৰঘুনাথক বাহন ব্যৱহাৰ কৰাত সময়মতে যোগান ধৰিব পৰা নাই বুলি মন্তব্য। ৫ নৱেম্বৰত বাগিচা এলেকাৰ বহু বিদ্যালয়ত বিদ্যালয় ছুটিৰ পিছতহে যোগান ধৰিলে মধ্যাহ্ন ভোজন। ইফালে আজি সোণাৰিৰ নাফুকস্থিত NGOৰ ৰান্ধনি শাললৈ দলিয়ালে শিলগুটি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং