31 C
Guwahati
Wednesday, September 28, 2022
More

    লভ জেহাদ! হিন্দু যুৱক বুলি পৰিচয় দি হিন্দু যুৱতীৰে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক

    মিছা পৰিচয়ৰে কেৱল প্ৰেমৰ সম্পৰ্ক গঢ়াই নহয় যুৱকজনে নিজকে আৰক্ষী বিষয়াৰ পুত্ৰ বুলিও চিনাকি দিছিল প্ৰেমিকাক

    ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। নলবাৰীত মোস্তাক আহমেদ নামৰ এজন ২২ বছৰীয়া যুৱকে নিজকে হিন্দু যুৱক বুলি পৰিচয় দি এগৰাকী হিন্দু যুৱতীৰ সৈতে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। মিছা পৰিচয়ৰে কেৱল প্ৰেমৰ সম্পৰ্ক গঢ়াই নহয় যুৱকজনে নিজকে আৰক্ষী বিষয়াৰ পুত্ৰ বুলিও চিনাকি দিছিল প্ৰেমিকাক। যুৱকজন মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ।

    কিন্তু পিছত যুৱতীগৰাকীয়ে যুৱকৰ প্ৰকৃত পৰিচয় পোৱাত যুৱকজনৰ সৈতে ত্যাগ কৰে প্ৰেমৰ সম্পৰ্ক। যুৱতীগৰাকীয়ে সম্বন্ধ ভাঙি পেলোৱাত আজি যুৱতীগৰাকীৰ ঘৰত উপস্থিত হৈ টনা আজোৰা কৰে যুৱতীগৰাকীক।

    ইয়াৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় হুলস্থুলৰ। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় যুৱকজনক আটক কৰি আৰক্ষীক গতাই দিয়ে। যুৱকজনক আৰক্ষীৰ সোধা পোছা অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং