প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, RSS আৰু বিজেপিৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত পোষ্ট কৰি ৰোষত পৰিছিল শিলচৰৰ এগৰাকী প্ৰবক্তা। পিছত গ্ৰেপ্তাৰ হৈছিল সেই সৌৰদ্বীপ সেনগুপ্তা নামৰ প্ৰৱক্তাগৰাকী। পিছে কালি শিলচৰ আদালতৰ পৰা জামিন লাভ কৰে সৌৰদ্বীপ সেনগুপ্তাই।
মঙলবাৰে ১৫,০০০ টকাৰ জামিনত সৌৰদ্বীপ সেনগুপ্তাক জামিন দিয়ে শিলচৰ আদালতৰ মুখ্য ন্যায়িক অধিৱক্তাই। পিছে এতিয়াৰ পৰা অনুমতি নলোৱাকৈ চহৰৰ বাহিৰ যাব নোৱাৰিব, লগতে সকলো ক্ষেত্ৰতে আৰক্ষীকে সহায় সহযোগ কৰি থাকিব লাগিব।
সৌৰদ্বীপ সেনগুপ্তা গুৰুচৰণ মহাবিদ্যালয়ৰ পৰ্দাৰ্থ বিজ্ঞান বিভাগৰ অস্থায়ী প্ৰৱক্তা। ফেব্ৰুৱাৰী ২৮ তাৰিখ শুকুৰবাৰে নিশা তেওঁক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।
ফেচবুকত মোদী, বিজেপি আৰু RSS ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাত আই পি চি আৰু আই টি আইনৰ আধাৰত প্ৰৱক্তাগৰাকীৰ ওপৰত আৰোপ লগোৱা হৈছিল।
Photo Credit: Souradeep Sengupta