22 C
Guwahati
Sunday, December 5, 2021
More

    হাই মাদ্ৰাছাৰ শীৰ্ষত বৰপেটাৰ ইয়ামিন আলী

    হাই মাদ্ৰাছাৰ ফলাফল অনুসৰি মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৭১২গৰাকী প্ৰথম , ২৬৩৯ গৰাকী দ্বিতীয় আৰু ২৬০০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে

    হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতেই ঘোষিত হ’ল অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলো।

    ২০২০ বৰ্ষৰ হাই মাদ্ৰাছাৰ শীৰ্ষত জিলিকিল বৰপেটা জিলাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী।

    ইয়ামিনে লাভ কৰিছে মুঠ ৬০০ৰ ভিতৰত ৫৫৮ নম্বৰ।

    ইয়ামিন আলী

    দ্বিতীয় স্থান লাভ কৰিছে কামৰূপ গ্ৰাম্য জিলাৰ এছ এ বি হাই মাদ্ৰাছাৰ আপছানা য়াছমিনে।

    আপছানাই লাভ কৰিছে মুঠ ৫৫২ নম্বৰ। আৰু হাই মাদ্ৰাছাত তৃতীয় স্থান দখল কৰিছে কোকৰাঝাৰ জিলাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ ৰছিদুল আলীয়ে।

    এইবাৰ হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯৩৪৭গৰাকী শিক্ষাৰ্থী। ইয়াৰ ভিতৰত উত্তীৰ্ণ হয় ৫৯৫১গৰাকী। উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ।

    হাই মাদ্ৰাছাৰ ফলাফল অনুসৰি, মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৭১২গৰাকীয়ে প্ৰথম বিভাগ, ২৬৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২৬০০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

    হাই মাদ্ৰাছাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.২৫ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৬২ শতাংশ।

    হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলতো এইবাৰ ছাত্ৰীৰ তুলনাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ আগত দেখা গৈছে।

    PHoto Credit: Anandabazar Patrika

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং