22 C
Guwahati
Wednesday, December 7, 2022
More

    কৰ’ণা সংক্ৰমিত দিল্লীৰ নিজামুদ্দিনলৈ গৈছিল অসমৰ ২৯৯জন;অসম চৰকাৰৰ হাতত পৰিছে তথ্য

    কোৱাৰাণ্টাইনত ৰখাৰ নিৰ্দেশ অসমৰ পৰা যোৱা সকলক

    কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে বাৰে বাৰে জনসমাগম নকৰিবলৈ আহ্বান জনাই থকাৰ সময়তে দিল্লীৰ পশ্চিম নিজামুদ্দিনৰ ধৰ্মীয় সভাত গোট খালে প্ৰায় ২০০০ লোক। ইয়াৰে প্ৰায় ২০০ লোক কৰ’ণাত আক্ৰান্তৰ সন্দেহ।দেশ-বিদেশৰ বহু লোক আহিছিল নিজামুদ্দিনৰ ধৰ্মীয় সভাত। আহিছিল ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ডৰ লোকো।ইতিমধ্যে নিজামুদ্দিনৰ ধৰ্মীয় সভাত অংশ লোৱা ৯জনৰ মৃত্যু।

    কৰ’ণা সংক্ৰমিত দিল্লীৰ নিজামুদ্দিনলৈ গৈছিল অসমৰ ২৯৯জন। অসম চৰকাৰৰ হাতলৈ আহিছে এই সমূহ লোক থকাৰ তালিকা।ইয়াক লৈ তাৎক্ষণিকভাৱে তৎপৰ হৈ পৰিছে অসম চৰকাৰ। দিল্লীৰ চৰকাৰ-প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষৰে যোগাযোগ।নিজামুদ্দিনলৈ যোৱা অসমৰ লোকসকল উভতি আহিছে নেকি সেই সন্দৰ্ভত তৎপৰ হৈ পৰিছে।

    অসমৰ লোক উভতি অহা-নহাৰ তথ্য বিচাৰিছে অসম চৰকাৰে।যদিহে সেইসকল উভতি আহিছে তেন্তে তাৰ তথ্য দিবলৈ দাবী। আৰু যদিহে উভতি অহা নাই তেনে লোকৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।কোৱাৰাণ্টাইনত ৰখাৰ নিৰ্দেশ অসমৰ পৰা যোৱা সকলক।টুইটাৰযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা।

    Photo: Twitter

    Published:

    7 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং