অসমৰ বাহিৰত থকা যুৱক-যুৱতীলৈ এক সুখবৰ। থকা-খোৱাৰ বাবে বিপদত পৰা যুৱক-যুৱতীলৈ আহিব সকাহ।লক ডাউন বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট। আন্তঃৰাজ্যিক যাতায়াত বন্ধ হৈ থকাৰ ইংগিত। মধ্যমবৰ্গৰ যিসকল অভিভাৱকে ধন পঠিয়াব পৰা নাই তেওঁলোকৰ বাবে সকাহ। বাহিৰত থকা অসমৰ যুৱক-যুৱতীয়ে কোম্পানীত দৰমহা যদি পোৱা নাই তেওঁলোকলৈ সকাহ।
বহিঃৰাজ্যৰ পৰা এই সময়ত অনাটো সম্ভৱ নহয়। অসমৰ বাহিৰত বাস কৰা দৰিদ্ৰ-নিম্ন ঘৰৰ যুৱক-যুৱতীলৈ সকাহ।অসম চৰকাৰে মুকলি কৰিছে এইসকলৰ বাবে এটা নম্বৰ। ফোন কৰিলে এটা মিছকলহে হ’ব। এই মিছকলৰ পিছত যাব ভইচ কল আৰু এটা লিংক। এই লিংক খুলিলে দিব লাগিব একাউণ্ট নম্বৰ আৰু ফোন নম্বৰ। যিসকলে ফৰ্ম ফিলাপ নকৰে তেতিয়াহলে কৰ্তব্যত থকাজনে ফোন কৰিব আপোনালৈ।
অসম অভিযান্ত্ৰিক কলেজ, কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী থাকিব কৰ্তব্যত।এইসকল শিক্ষাৰ্থীয়ে বাহিৰত থকা যুৱক-যুৱতীলৈ ফোন কৰিব। প্ৰথম ষ্টেপত এটা মিছকল, পিছত এটা পাব লিংক। বহিঃ ৰাজ্যত থকা অসমৰ যুৱক-যুৱতীয়ে সকাহ লাভ কৰিব মাত্ৰ 9615471547 এই গুৰুত্বপূৰ্ণ নম্বৰটোত ফোন কৰি।
Photo Credit: Your Story