27 C
Guwahati
Wednesday, September 21, 2022
More

    সৰ্বভাৰতীয় চিত্ৰাংকন প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন অসমৰ নেহা ভূঞাৰ

    প্ৰদীপ আৰ্ট এণ্ড চিত্ৰাংকন বিদ্যালয়ৰ দ্বিতীয় বর্ষৰ ছাত্ৰী এই কনমানি

    ভাৰত তথা বিশ্বৰ সন্মুখত অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে অসমৰ বহু প্ৰতিভাশালী যুৱক যুৱতীয়ে। এইবাৰ চিত্ৰাংকন প্ৰতিযোগিতাত অসমৰ নাম উজ্বলালে কনমানি নেহা ভূঞাই। চলিত বৰ্ষত ললিত কলা চেণ্টাৰ ফৰ ভিজুয়েল আৰ্টৰ উদ্যোগত বাংগালুৰত অনুষ্ঠিত হোৱা ১৪ সংখ্যক সৰ্বভাৰতীয় চিত্ৰাংকন প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন স্থানৰ বহুতো প্ৰতিযোগিয়ে অংশ লৈছিল। এই প্ৰতিযোগিতাতে সকলোকে পিছ পেলাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় নগাঁৱৰ নেহা ভূঞা।

    নগাঁও চহৰৰ অমৰ ভূঞা আৰু সীমা ভূঞাৰ কন্যা নেহা মিছন স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী। নেহাই ছবি অঁকাৰ লগতে বিহু নৃত্য, মডেলিং আদিতো সফলতা লাভ কৰিছে। প্ৰদীপ আৰ্ট এণ্ড চিত্ৰাংকন বিদ্যালয়ৰ দ্বিতীয় বর্ষৰ ছাত্ৰী এই কনমানি। নেহাৰ এই সফলতাকলৈ উৎফুল্লিত পিতৃ মাতৃৰ লগতে নেহাৰ শিক্ষাগুৰু।

    Photo : @batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং