27 C
Guwahati
Wednesday, June 29, 2022
More

    বান বিভীষিকা; দক্ষিণ শালমাৰাত আছুৰ বান সাহাৰ্য বিতৰণ

    সাম্প্ৰতিক সময়ত ৰাজ্যত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

    ৰাজ্যখনৰ ২৬ খন জিলাৰ ৩৬ লাখতকৈ অধিক লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা। ঘৃহহীন হৈ পৰাৰ লগতে বিভিন্ন অসুবিধা খাদ্য সংকটে দেখা দিছে বান পিড়ীতৰ মাজত ।

    দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইটো বানে সংহাৰী ৰূপ ধাৰণ কৰা দেখা যায় ।


    এই সংকটৰ সময়চোৱাত বান পিড়ীতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থা।


    চৰকাৰ বা কোনো জনপ্ৰতিনিধিয়ে নহয়, আজি বৃহস্পতিবাৰে দক্ষিণ শালমাৰাৰ বান পিড়ীতক সাহাৰ্য প্ৰদান কৰিলে আছুৱে ।


    উল্লেখ্য যে এই বিপদৰ সময়চোৱাত বান পিড়ীত সকলৰ খবৰ লবলৈ অহা নাই কোনো জনপ্ৰতিনিধি।


    দক্ষিণ শালমাৰাৰ আছুৱে অঞ্চলটোৰ বান পিড়ীত সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে
    নাৱেৰে গৈ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী ।


    আছুৰ সদস্য সকলে সংবাদ মাধ্যমৰ আগত জনায় যে বিপদৰ সময়চোৱাত এই পৰ্যন্ত সাংসদ , বিধায়ক কোনোৱে অঞ্চলটোত উপস্থিত হোৱা নাই ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং