মহামাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দিল্লীত কৰ্মৰত এগৰাকী অসমৰ চিআৰপিএফ জোৱানে। দিল্লীৰ ছফদৰজং হাস্পতালত চিকিৎসাধীন হৈ আছিল জোৱানজন। বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰবড়িৰ চি আৰ পি এফ জোৱান ইক্ৰাম হুছেইন দিল্লীত কৰ্তব্যৰত অৱস্থাত আছিল।

যোৱা ২৩ এপ্ৰিলত জোৱানজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছিল। তেজৰ নমুনা পৰীক্ষাত COVID19 পজিটিভ পোৱা গৈছিল জোৱানজনৰ। এই মৃত্যুৰ খবৰ লাভ কৰিয়েই চৰকাৰে জোৱানজনক অন্তিম শ্ৰদ্ধা জনোৱাৰ সুবিধা কৰি দিয়াৰ আহ্বান পৰিয়ালৰ লগতে পত্নীৰ।

আনহাতে আজি বৰপেটাৰ মৃত CRPF জোৱানৰ ঘৰত প্ৰশাসন উপস্থিত হয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে উপস্থিত হয় বজালী প্ৰশাসনৰ লোক। পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰশাসনৰ লোকে। আনহাতে জোৱানজনৰ মৃতদেহ কি কৰিব এতিয়াও সিদ্ধান্ত লোৱা নাই চৰকাৰে।
Photo Credit: Time8