অসমৰ এজন চি আৰ পি এফ জোৱান কৰ’ণাত আক্ৰান্ত হৈ দিল্লীত মৃত্যুমুখত পৰে। কৰ্মসূত্ৰে দিল্লীতেই বাস কৰিছিল লোকজনে।
মৃত চি আৰ পি এফ জোৱান জন কলিয়াবৰৰ বেঙেনাআটীৰ আনন্দ বসুমতাৰী।
শনিবাৰ ১৩ জুন তাৰিখে আনন্দ বসুমতাৰীক দিল্লীত কোৱাৰেণ্টাইনত ৰখা হৈছিল।
এসপ্তাহৰ পাছত আনন্দ বসুমতাৰীৰ ৰিপোৰ্ট পজিটিভ অহাত দিল্লীৰ পৰা হাৰিয়ানাৰ এইমছলৈ স্থানান্তৰ কৰা হৈছিল।

আৰু ১৩ তাৰিখৰ পৰা দুখনকৈ হাস্পতালত ১৫ দিন ধৰি চিকিৎসাধীন হৈ আছিল জোৱানজন।
আজি পুৱা ১০.৩০ বজাত হাৰিয়ানাৰ এইমছৰ পৰা চিকিৎসকে আনন্দ বসুমতাৰী মৃত্যু হোৱা বুলি ঘৰলৈ ফোন কৰি জনায়।
মত্যুৰ খবৰ পোৱা পাছতেই দুখত ভাগি পৰে পৰিয়ালৰ সদস্য সকল। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চল।
উল্লেখ্য যে, জানুৱাৰী মাহত ঘৰলৈ আহি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে দিল্লীলৈ উভতি গৈছিল আনন্দ বসুমতাৰী।
Photo Credit: @Dipu Bora