GMCHৰ বিশেষ চিকিৎসকৰ দল কাৰাগাৰত অখিল গগৈৰ চিকিৎসাৰ বাবে ৰাওনা হৈছে। অখিল গগৈৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। প্ৰয়োজন অনুসৰি উন্নত চিকিৎসাৰ বাবে সকলো কৰিবলগীয়া খিনি কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
২৯ ফেব্ৰুৱাৰীত কাৰাগাৰৰ ভিতৰতে হঠাৎ অসুস্থ হৈ পৰিছিল কৃষক নেতাগৰাকী। অসুস্থ অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল অখিল গগৈক। পুনৰ অনা হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ।
উল্লেখ্য যে বিগত বৰ্ষৰ ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ মাজত যোৰহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগৈক। ১৩ ডিচেম্বৰত তেওঁৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। ১৪ ডিচেম্বৰত চৰকাৰে NIAক হস্তান্তৰ কৰিছিল। ২৫ ডিচেম্বৰত গুৱাহাটীলৈ অনা হৈছিল অখিল গগৈক।
Photo credit: thewire.in