মাৰাত্মক ভাইৰাছ কৰ’ণাক প্ৰতিৰোধ কৰিবৰ বাবে দেশত অব্যাহত আছে লকডাউন। লকডাউনৰ মাজতে আহিছে এক খবৰ। শ্বপিং মলৰ বাহিৰে আজিৰে পৰা দোকান খুলিব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে কেৱল আৱাসিক এলেকাৰ পঞ্জীয়নকৃত দোকানহে খুলিবলৈ নিৰ্দেশ দিয়া হৈছে।
হটস্পট, ৰেড জ’ন এলেকাৰ বাদে সকলোতে খুলিব পাৰিব দোকান।এই খবৰ পোৱাৰ মাত্ৰকে মানুহৰ মনত প্ৰশ্ন উদয় হৈছে ৰাজ্যত শিথিল হ’ব নেকি লকডাউন। জনসাধাৰণৰ মাজত যাতে বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি টুইট কৰিছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।
মুখ্য সচিবগৰাকীয়ে টুইটত জনাইছে- অসমত লকডাউন শিথিল কৰা নাই ৰাজ্য চৰকাৰে।পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতহে লোৱা হ’ব সিদ্ধান্ত।অসম চৰকাৰৰ সিদ্ধান্তলৈ অপেক্ষা কৰাৰ বাবে আহ্বান।বিউটি পাৰ্লাৰ, দোকান আদি খোলা সন্দৰ্ভত এতিয়াও লোৱা হোৱা নাই সিদ্ধান্ত।২৭ এপ্ৰিলতহে বিশেষভাবে লোৱা হ’ব সিদ্ধান্ত।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ দোকান খোলা নিৰ্দেশনাৰ পিছতে এই টুইট কৰে কুমাৰ সঞ্জয় কৃষ্ণই।
Photo Credit: Telegraph India