চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰা ৭০ দিনত ২২৫০ কিলোমিটাৰ বাট কোজকাঢ়ি দিল্লীত উপস্থিত হয় অসমৰ জীয়ৰী নিজৰা ফুকন। কেৱল সেয়াই নহয় পৰিৱেশ সংৰক্ষণৰ বাবে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাৱেড়কাৰক আজি স্মাৰকপত্ৰ দিবলৈও সক্ষম হয় চৰাইদেউ জিলাৰ দিচাংপানী লাইচেং গাঁৱৰ জীয়ৰী তথা দিল্লীৰ জেএনইউৰ গৱেষক ছাত্ৰী নিজৰা ফুকনে।
বিগত বৰ্ষৰ এক ডিচেম্বৰত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰা পদযাত্ৰা কৰিছিল নিজৰাই। অসমৰ লগতে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে পদযাত্ৰা কৰি দিল্লীত উপস্থিত হোৱা নিজৰাই ছচিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে গঠন কৰা ‘বৃক্ষবন্ধু’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ হৈ কেন্দ্ৰীয় বনমন্ত্ৰী প্ৰকাশ জাৱেডকাৰক অসমীয়াৰ আপোন বিহুৱান, এশিঙীয়া গঁড়ৰ প্ৰতীকৰ লগতে অৰ্কিডৰ পুলি প্ৰদান কৰি সম্বৰ্ধনা জনোৱাৰ লগতে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

৭-৮ দিন পুৰ্বেই দিল্লীত উপস্থিত হোৱা নিজৰাই কালিহে বনমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ অনুমতি লাভ কৰিছিল। ইয়াৰ পিছতেই সাক্ষাৎৰ অনুমতি লাভ কৰিলে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকো স্মাৰকপত্ৰ প্ৰদান কৰিব নিজৰাই।
বিশ্বৰ প্ৰথমখন প্ৰকৃতি অধিকাৰ আইন প্ৰণয়ন কৰা ৰাষ্ট্ৰ ইকুৱেডৰৰ আৰ্হিত ভাৰততো “প্ৰকৃতি অধিকাৰ আইন” প্ৰণয়নৰ দাবীৰে এই পদযাত্ৰা কৰিছিল বৃক্ষবন্ধুৱে। স্মাৰক পত্ৰখনৰ যোগেদি ২০২০ বৰ্ষৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষত সংবিধানৰ আধাৰত “প্ৰকৃতিৰ অধিকাৰ আইন” প্ৰণয়ন কৰি বলবৎ কৰা, জৈৱ বৈচিত্ৰ্যৰ ৰম্যভূমি উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ প্ৰথমখন “পৰিৱেশ বিশ্ববিদ্যালয়” স্থাপন কৰা, পৰিৱেশ সুৰক্ষাৰ্থে চৰকাৰৰ অধীনত “পৰিৱেশ সুৰক্ষা বাহিনী” হিচাপে এটা চৰকাৰী বিভাগৰ ব্যৱস্থা কৰা, প্ৰতিমাহৰ প্ৰথমটো শনিবাৰে প্ৰতিটো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত পৰিৱেশ সুৰক্ষাৰ্থে কাম কৰাৰ নীতি প্ৰৱৰ্তন কৰাৰ দাবী জনায় নিজৰা ফুকনে।
Inputs & Photo: Hansang Konwar