32 C
Guwahati
Friday, September 23, 2022
More

    নিলামত বিক্ৰী চন্দ্ৰপুৰ তাপবিদ্যুত প্ৰকল্পৰ মেচিন; মেচিন খুলিবলৈ অহা শ্ৰমিকক খেদি পঠিয়ালে আছুয়ে

    চন্দ্ৰপুৰস্থিত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ অধীনস্থ চন্দ্ৰপুৰ তাপবিদ্যুত প্ৰকল্পটো উদ্যোগিক মানচিত্ৰৰ পৰা নিঃশেষ কৰাৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে

    চন্দ্ৰপুৰস্থিত অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ অধীনস্থ চন্দ্ৰপুৰ তাপবিদ্যুত প্ৰকল্পটো উদ্যোগিক মানচিত্ৰৰ পৰা নিঃশেষ কৰাৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে। যাৰ বাবে বিগত ২০ বছৰে উৎপাদন বন্ধ হৈ থকা প্ৰকল্পটোৰ যন্ত্ৰবোৰ নিলামত বিক্ৰী কৰি দিছে বহিৰাগত এক বনিক গোষ্ঠিক।

    ৬০ মেগাৱাত সম্পন্ন চন্দ্ৰপুৰ তাপবিদ্যুত প্ৰকল্পটোৰ তাৰবাইন, জেনেৰেটৰকে ধৰি বৃহৎ বৃহৎ অট্টালিকা, কাৰ্যালয় গৃহসহ মুঠ ২৫ বিধ সামগ্ৰী প্রায় ৯ কোটি টকাত চেন্নাইৰ থাৰকিও এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰে। সেই উদ্দেশ্যে কোম্পানীটোৱে যন্ত্ৰবোৰ খুলি নিয়াৰ বাবে মঙলবাৰে শ্ৰমিক নিয়োগ কৰিছিল।

    শ্ৰমিক নিয়োগ কৰাৰ খবৰ পোৱাৰ লগে লগে চন্দ্ৰপুৰ আছুৰ এটি সজাঁতি দল প্ৰকল্পস্থলীত উপস্থিত হয় আৰু শ্ৰমিকসকলক যন্ত্ৰবোৰ খুলি নিয়াত বাধা প্ৰদান কৰে সেই স্থানৰ পৰা খেদি পঠায়। ছাত্র সংগঠনটোৱে জনোৱা মতে প্ৰকল্পটো পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰক কেইবাবাৰো লিখিতভাৱে আৱেদন জানইছিল। আনকি ৰাজ্য চৰকাৰে প্ৰকল্পটো শীঘ্ৰে পুনৰুজ্জীৱিত কৰিম বুলি আশ্বাস দি আহিছিল কিন্তু ইয়াৰ বিপৰীতে চৰকাৰখনে প্ৰকল্পটোৰ যন্ত্ৰবোৰ হঠাতে নিলামত বিক্ৰী কৰি দিয়াকলৈ ক্ষোভিত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থা।

    উল্লেখ্য যে ১৯৯৯ চনৰ পৰা উৎপাদন বন্ধ হৈ থকা ৬০ মেগাৱাত সম্পন্ন তাপবিদ্যুত প্ৰকল্পটো আধুনিকীকৰণ কৰি ১৫০ মেগাৱাত উৎপাদন বৃদ্ধি কৰাৰ বাবে ২০০৯ চনতে আশ্বাস দিছিল। ইয়াৰ পিছত বিজেপি চৰকাৰে সৌৰ শক্তিৰে পুনৰ কাৰ্যক্ষম কৰিম বুলি আশ্বাস প্ৰদান কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং