25.4 C
Guwahati
Thursday, October 14, 2021
More

    তৃতীয় লিংগ নীতিক অনুমোদন অসম কেবিনেটৰ

    ইয়াৰ অধিনত থাকিব তৃতীয় লিংগৰ ব্যক্তিসকলৰ শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপন

    ২০২০ বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত অসম কেবিনেটে অনুমোদন জনাই তৃতীয় লিংগৰ নীতিক। এই নীতিৰ অধীনত এক তৃতীয় লিংগ কল্যান বৰ্ড গঠন কৰা হ’ব। যিটোৰ অধিনত থাকিব তৃতীয় লিংগৰ ব্যক্তিসকলৰ শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপন।

    Time8ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসমৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ অধিবক্তা স্বাতী বিধান বৰুৱাই কয়, “অসম চৰকাৰে তৃতীয় লিংগৰ নীতিক অনুমোদন জনোৱা এই সিদ্ধান্ত আমাৰ ১০ বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল”। লগতে স্বাতী বিধান বৰুৱাই ইয়াকো কয় যে এতিয়াৰ পৰা সমাজত ভেদভাৱ দুৰ হৈ সজাগতা সৃষ্টি হ’ব।

    ইয়াৰ বাহিৰেও স্বাতীয়ে কয় যে, বছৰ বছৰ ধৰি এই তৃতীয় লিংগৰ ব্যক্তিসকল সমাজৰ আগত বা লগত বিভিন্ন বাধাৰ সন্মুখিন হৈ আহিছিল। কিন্তু বৰ্তমানে অকল অসম চৰকাৰে এই নীতিক অনুমোদন জনোৱাই নহয় বৰ্তমানৰ পৰা সমাজত এক উন্নত জীৱন জীয়াবৰ বাবেও সহাৰি জনাইছে।

    Photo credit: The Telegraph

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং