15 C
Guwahati
Wednesday, December 1, 2021
More

    অসমৰ উপ-নিৰ্বাচনৰ ফলাফলঃ ৰঙাপৰাত বিজেপিৰ অগ্ৰগতি

    তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে ক'লে যে 'ৰাইজে আশা কৰিছে ৰাজেন বৰঠাকুৰ বিজয়ী হওক

    অসমৰ ৪টা সমষ্টি ৰঙাপৰা, ৰাতাবাৰী, সোণাৰি আৰু জনিয়াত ভোটগণনা অব্যাহত। ৰঙাপৰাত প্ৰথম ৰাউণ্ডৰ পৰা দশম ৰাউণ্ডলৈ ২৭,৮৫৪ টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰাজেন বৰঠাকুৰ।

    তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে ক’লে যে ‘ৰাইজে আশা কৰিছে ৰাজেন বৰঠাকুৰ বিজয়ী হওক। ৰাজেন বৰঠাকুৰে সমস্যাবহুল বিভিন্ন জনজাতি-জাতিৰে পৰিপূৰ্ণ ৰঙাপৰাৰ বিকাশ আৰু সংকল্প লৈছে তেও। ৰাজেন বৰঠাকুৰ ৰাইজৰ ঘৰে ঘৰে গৈছে। তেওঁ নিৰ্বাচিত হোৱাটো কামনা কৰিলো।’

    ‘আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু একালৰ ছাত্ৰ আন্দোলনৰ সহকৰ্মী, মই আশা কৰিছো ৰাইজে বিপুল সমৰ্থনেৰে নিৰ্বাচিত কৰিব বৰঠাকুৰক, পুনৰ একেখন বিধানসভাত ৰাইজৰ বাবে কাম কৰাৰ সুযোগ লাভ কৰিম।’- সংবাদমাধ্যমৰ আগত এই মন্তব্য অসম গণ পৰিষদৰ নেতা বৃন্দাবন গোস্বামীৰ।

    ৰঙাপৰা সমষ্টিত নিৰ্বাচনী যুঁজত নামিছিল ৫ গৰাকী প্ৰাৰ্থী। কাৰ্তিক কুৰ্মী (কংগ্ৰেছ), ভাৰতীয় গণ পৰিষদ দলৰ অৰূপ কুমাৰ চৌধুৰী, চি পি আই(এম)ৰ ৰয়েল ছৰেং, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) পাৰ্টীৰ সঞ্জিত ৰাজবংশী আৰু বিজেপিৰ ৰাজেন বৰঠাকুৰে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং