30 C
Guwahati
Friday, September 23, 2022
More

    সৰ্বভাৰতীয় কলা প্ৰতিযোগিতাত সোণৰ পদক লাভ অসমৰ বিশাল ডেকাৰ

    ছত্তীশগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ চাৰুকলাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ বিশাল ডেকা

    কলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত সোণৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে এগৰাকী যুৱকে। যুৱকজনৰ নাম সৰ্থেবাৰীৰ কামাৰপাৰা নিবাসী বিশাল ডেকা। বিশালে ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত ‘২৭আৰ্ট পইন্ট’ৰ সৰ্বভাৰতীয় কলা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে।

    অসম সন্তান তথা ছত্তীশগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ চাৰুকলাৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ বিশাল ডেকাৰ এই কৃতিত্বত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ছাত্ৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে। কামাৰপাৰা গাঁৱৰ অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ কৰ্মচাৰী নবীন ডেকা আৰু নিৰলা ডেকাৰ কনিষ্ঠ পুত্ৰ বিশাল ডেকাই বৃহত্তৰ সৰ্থেবাৰী অঞ্চললৈ এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।

    Photo : @maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং