30 C
Guwahati
Wednesday, October 27, 2021
More

    চিকিউৰিটি গাৰ্ড ৰূপেৰে কৰ্মজীৱনৰ পাতনি মেলা অসম সন্তান উজলিছে বলীউডত

    বলিউডৰ লগতে সৰু পৰ্দাৰ কেইবাখনো জনপ্ৰিয় চিৰিয়েলত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৰাজ

    বলিউডত উজলিছে এজন অসম সন্তান। ২০০২ চনত কৰ্ম সংস্থাপন বিচাৰি সুদূৰ মুম্বাইলৈ ঢাপলি মেলিছিল ডিমৌ সমীপৰ ধেমেচী বাম কলালুৰ নিৱাসী জোন দিহিঙীয়া ওৰফে ৰাজ। মুম্বাইত চিকিউৰিটি গাৰ্ড ৰূপে কৰ্মত যোগদান কৰা ৰাজে মায়ানগৰী মুম্বাইত বলিউডৰ চিনেমা তাৰকাসকলক দেখি নিজে সপোন দেখা আৰম্ভ কৰে এদিন বলিউডত অভিনেতা হিচাবে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে।

    ইয়াৰ পিছতে আজৰি সময়ত শৰীৰ চর্চা আৰম্ভ কৰি নিজৰ দেহটোক আকৰ্ষণীয় কৰি তুলিবলৈ সক্ষম হয় ৰাজ। ২০১৬ চনত বলিউডত ঋত্বিক ৰোচনৰ লগত জনপ্ৰিয় বোলছবি মহেঞ্জদাৰোত প্ৰথম সহঃ অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰে ৰাজে।

    পৰৱৰ্তী সময়ত বলিউডৰ দহখন চিনেমাত অজয় দেৱগন, অক্ষয় চলমান খান, আমিৰ খান, কেটৰিনা কাইফ ইত্যাদি বলিউডৰ তাৰকাসকলৰ লগত বিভিন্ন চৰিত্ৰত বলিউডৰ লগতে সৰু পৰ্দাৰ কেইবাখনো জনপ্ৰিয় চিৰিয়েলত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৰাজ।

    চলিত মাহৰ ২৪ তাৰিখে শুভ মুক্তি হব লগা ৰোহিত চেত্ৰীৰ দ্বাৰা পৰিচালিত অক্ষয় কুমাৰ, জেকী শ্রফ, অজয় দেৱগন আৰু কেটৰিনা কাইফ অভিনীত সূৰ্য্যবঞ্চম নামৰ চিনেমাখনত এগৰাকী পুলিচ অফিচাৰৰ চৰিত্ৰত অভিনয় কৰিছে ৰাজে।ৰাজৰ সফলতাত সুখী পিতৃ খগেন দিহিঙীয়া আৰু মাতৃ তুলিকা দিহিঙীয়া। এতিয়া ৰাজে নতুন ছবি সুৰ্যবঞ্চম চাবলৈ সকলোকে আহ্বান জনাইছে।

    Input & Photo: Iftikar Rahman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং