23.7 C
Guwahati
Thursday, October 6, 2022
More

    বহিঃৰাজ্যত অসমৰ যুৱকৰ আত্মহত্যা, চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় যুৱকজনৰ

    কিছুদিন পূৰ্বে বেংগালুৰুৰ পৰা ঘৰলৈ অহা অসীমে ৩০ মে'ত পুনৰ বিমানযোগে বেংগালুৰুৰ ভাড়াঘৰত উপস্থিত হৈছিল

    নলবাৰী জিলাৰ বেলশৰৰ এগৰাকী যুৱকে সুদূৰ বেংগলুৰুত আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা যুৱকজন বেলশৰৰ মুদিয়াৰ পাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক অক্ষয় কুমাৰ মুদিয়াৰৰ কনিষ্ঠ পুত্ৰ অসীম জ্যোতি মুদিয়া(২৮)। কিছুদিন পূৰ্বে বেংগালুৰুৰ পৰা ঘৰলৈ অহা অসীমে ৩০ মে’ত পুনৰ বিমানযোগে বেংগালুৰুৰ ভাড়াঘৰত উপস্থিত হৈছিল।

    কিন্তু ভাড়াঘৰত উপস্থিত হোৱাৰ কিছু সময় পিছতে ৰহস্যজনকভাৱে ভাড়াঘৰৰ কোঠাত চীপ লোৱা অৱস্থাত অসীমৰ মৃতদেহ উদ্ধাৰ হয়। ঘৰৰ পৰা গুৱাহাটীলৈ গৈ থকা সময়ত দুপৰীয়া বিমান বন্দৰ পোৱাৰ আগমুহূৰ্তত পিতৃৰ সৈতে ফোনত কথা পতা অসীমে বিয়লি ৩ বজাত বেংগালুৰু পাম বুলি কৈছিল। সেইমৰ্মে পিতৃয়ে ৩ বজাৰ পিছত পুত্ৰৰ মোবাইলত ফোন কৰে যদিও মোবাইলটোৰ ৰিং হৈ থাকে যদিও ফোনটো ৰিচিভ নকৰাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। কিন্তু তাৰ কিছু সময় পিছতে অসীমৰ পিতৃলৈ আহে সেই দুঃখবৰটো।

    উল্লেখ্যে যে একেটা ভাড়াঘৰৰ কোঠাত পঞ্জাৱৰ এজন বন্ধুৰ সৈতে একেলগে আছিল অসীম। বন্ধুজনে পৰিয়ালৰ লোকক জনোৱা অনুসৰি অসীমে বন্ধুজনৰ সৈতে কিছু সময় কটাইছিল তাৰ পিছত অসীমৰ কোঠাৰ পৰা ওলাই গৈছিল। প্ৰায় ডেৰ ঘণ্টা পলমকৈ বন্ধুজনে সন্ধিয়া প্ৰায় ৬ বজাত কোঠাত আহি অসীমক চিলিং ফেনত চীপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ পিছতে তাত থকা অসমৰ কেবাজনো যুৱক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ লগত যোগাযোগ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে।

    অৱশ্যে ব্যৱসায় সূত্ৰে বেংগালুৰুত থকা যুৱকজনে কি কাৰণত আত্মহত্যাৰ পথ বাচি লয় এতিয়াও ৰহস্যৰ আৱৰ্তত। অসীমে নিজাকৈ এখন হোটেলৰ ব্যবসায় আৰম্ভ কৰিছিল যদিও লক ডাউনৰ বাবে ক্ৰমাৎ হোটেলৰ ব্যবসায় শোচনীয় হৈ পৰিছিল৷ আৰু তাৰ বাবে অসীমে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে।

    ইফালে লকডাউন অব্যাহত থকা বাবে যুৱকজনৰ মৃতদেহ বেংগালুৰুৰ পৰা আনিব পৰা নাযাব, ফলত তাতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি পৰিয়ালে জানিবলৈ দিয়ে ৷

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং