দেওবাৰে আৰক্ষীয়ে কেন্দ্ৰীয় খাদ্য আৰু সংশোধনৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণ কৰাৰ অভিযোগত দুজন বিজেপি কৰ্মীসহ তিনিজন যুৱকক আটক। প্ৰাপ্ত বাতৰিমতে জাতিধ্বংসী নাগৰিকত্ব সংশোধিত আইন ২০১৯ বাতিলৰ দাবীত আন্দোলন চলি থকাৰ মাজতেই যোৱা ১১ ডিচেম্বৰ নিশা দুলীয়াজান আৰক্ষী থানাৰ অৰ্ন্তগত টিপলিঙস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত একাংশ লোকে আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰিছিল।
উক্ত ঘটনা সৰ্ন্দভত আৰক্ষীয়ে দুলীয়াজান থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(B)/১৪৭/১৪৮/১৪৯/১৫৩ AA ৩৩৬/৩৫৩/১৮৮/৩২৬/৩০৭/৪২৭/৪৩৬ আৰ W চেকচন ২৫ (১-A) আৰ্মছ এক্ট, RW চেকচন ৪ পি ডি পি পি এক্টৰ অধীনত ৬২৬/২০১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়ামতে চিচি টিভিৰ ফুটেজৰ ওপৰত ভিত্তি কৰি দেওবাৰে অভিযান চলাই দুলীয়াজানৰ দুজন বিজেপি কৰ্মীসহ তিনিজন যুৱকক আটক কৰে। ধৃত যুৱক তিনিজন হৈছে দুলীয়াজানৰ পুৰণাঘাট অঞ্চলৰ প্ৰয়াত জিতেন হাজৰিকাৰ পুত্ৰ দেৱজিৎ হাজৰিকা, উক্ত অঞ্চলৰে প্ৰয়াত মাহুষ কাহাৰ পুত্ৰ অৰূপ কাহা আৰু দুলীয়াজানৰ অসম গেছ কোম্পানী লিমিটেডৰ মেডিকেল ক’লনিৰ বিকি সোনাৰ।
ইয়াৰে দেৱজিৎ হাজৰিকা আৰু বিকি সোনাৰ বিজেপি কৰ্মী আছিল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে। আজি পুৱতি নিশা আৰক্ষীয়ে ধৃত যুৱক তিনিজনক আটক কৰি ডিব্ৰুগড় সদৰ আৰক্ষী থানাত মাৰাথান জেৰা চলাই ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।
Photo: @abdulrajjak