মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে অসম চুক্তিৰ ৬ নম্বৰ দফাৰ প্ৰতিবেদন। মঙলবাৰে দিনৰ ১২ বজাত ব্ৰহ্মপুত্ৰ অতিথিশালাত অসম চুক্তিৰ ৬ নম্বৰ দফা সমিতিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী আৰু পূৰ্ণ কেবিনেটে গ্ৰহণ কৰে । অচিৰেই এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে কেবিনেটে ।
উল্লেখ্য যে, অসম চুক্তিৰ ৬ নং দফা সমিতিৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিত সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টাকে ধৰি সভাপতি আৰু সম্পাদকো অন্তৰ্ভুক্ত আছিল যদিও আজি প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত নাথাকে আছুৰ এজনো সদস্য । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰে প্ৰতিবেদন।
Photo: Time8