33 C
Guwahati
Monday, September 26, 2022
More

    ছাত্ৰ সন্থাৰ বিৰুদ্ধে অশ্লীল পোষ্ট ভাইৰেল কৰা ৪ যুৱকক আটক

    ঘটনাৰ লগত জড়িত সুশীল দলে, ৰাজীৱ পামেগাম, দেৱজ্যোতি স্বৰ্গীয়াৰী আৰু হোমেন টাইড নামৰ অভিযুক্তকেইজনক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবীত আৰক্ষীক গতাই দিয়ে

    ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এইবাৰ চাইবাৰ অপৰাধ কৰি জালত পৰিল কেইবাজনো যুৱক। ছাত্ৰ সন্থাৰ বিৰুদ্ধে অশ্লীল আৰু আপত্তিজনক পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল কৰি আৰক্ষীৰ জালত পৰিল ৪জন যুৱক।

    ২০ ছেপ্টেম্বৰত উত্তৰ-লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল আছুৱে। প্ৰতিবাদী কাৰ্যসূচীৰ ফটো এডিটিং কৰি অশ্লীল শব্দ লিখি ফেচবুক আৰু হোৱাটছ এপত ভাইৰেল কৰিছিল দুষ্ট চক্ৰই।

    ঘটনা সন্দৰ্ভত উত্তৰ লখিমপুৰ থানাত গোচৰ ৰুজু কৰিছিল ছাত্ৰ সন্থাই।

    প্ৰতিবাদৰ এই ফটোখন বিকৃত কৰি ভাইৰেল কৰিছিল ফেচবুকত

    গোচৰ ৰুজু কৰাৰ পিছতে সংগঠনটোৱে অভিযুক্ত বিচাৰি শাস্তি দিয়াৰ বাবে নিজাববীয়াকৈ কাম হাতত লৈছিল। ঘটনাৰ লগত জড়িত সুশীল দলে, ৰাজীৱ পামেগাম, দেৱজ্যোতি স্বৰ্গীয়াৰী আৰু হোমেন টাইড নামৰ অভিযুক্তকেইজনক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবীত আৰক্ষীক গতাই দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং