25 C
Guwahati
Thursday, October 6, 2022
More

    নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক হোম কোৱাৰাইণ্টাইন

    ৰাজস্থানৰ পৰা বুধবাৰে নগাঁৱলৈ আহিছিল আৰক্ষী বিষয়াগৰাকীসহ পৰিয়ালৰ লোক। সেয়েহে আত্মীয়সহ আৰক্ষী বিষয়াজনক হোম কোৱাৰাইণ্টাইন

    নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাক হোম কোৱাৰাইণ্টাইন। ৰাজস্থানৰ পৰা বুধবাৰে নগাঁৱলৈ আহিছিল আৰক্ষী বিষয়াগৰাকীসহ পৰিয়ালৰ লোক। সেয়েহে আত্মীয়সহ আৰক্ষী বিষয়াজনক হোম কোৱাৰাইণ্টাইন। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ চৰকাৰী আৱাসত হোম কোৱাৰাইণ্টাইন। ৰাজস্থানৰ পৰা নগাঁৱলৈ অহাৰ অনুমতি দিছিল অসমৰ এজন উচ্চপদস্থ আৰক্ষী বিষয়াই। ঘটনাটো লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

    ইন’ভা গাড়ীৰে অসমত প্ৰৱেশ কৰিছিল মীনাৰ আত্মীয়ই। লগত দুগৰাকী চালক আহিছিল পৰিয়ালৰ সৈতে। মঙলবাৰে সৰুসজাইত স্ক্ৰীণিং কৰা হৈছিল পৰিয়ালটোক। এগৰাকী চালকৰ দেহত পোৱা গৈছিল কৰ’ণা ভাইৰাছৰ লক্ষণ। SWAP সংগ্ৰহ কৰা হৈছিল দুয়োগৰাকী চালকৰ।

    তাৰপিছতে নগাঁৱলৈ আহিছিল দুয়োগৰাকী চালকসহ মীনাৰ আত্মীয়। যি সময়ত বহিঃৰাজ্যৰ পৰা অহা সকলো লোককে সৰুসজাইত কোৱাৰাইণ্টাইন কৰা হৈছে সেই সময়ত বিষয়াগৰাকীৰ পৰিয়ালক সৰুসজাইত কোৱাৰাইণ্টাইন নকৰি নগাঁৱলৈ প্ৰেৰণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ।

    Input: Biju Gohain

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং