22 C
Guwahati
Wednesday, October 27, 2021
More

    জটিল ৰোগত আক্ৰান্ত এগৰাকী কণমানিৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান

    দৈনিক উপাৰ্জনেৰে যেনে তেনেহে পেটৰ ভাতমুঠি ওলিয়াই থকা পিতৃয়ে এতিয়া কন্যাৰ চিকিৎসাৰ কথা চিন্তা কৰি হাহাকাৰ কৰিছে

    পখিলা খেদাৰ বয়সতে এক জটিল ৰোগত আক্ৰান্ত এগৰাকী মৰমলগা কণমানি৷ নাম তাইৰ ৰিম্পী৷ নাজিৰাৰ বালিঘাট তিনিআলিৰ নিৱাসী নৰেন্দ্ৰ মিশ্ৰ আৰু সীমা মিশ্ৰৰ আঢ়ৈ বছৰীয়া কণমানি কন্যা ৰিম্পী জটিল ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কিছুদিন পূৰ্বে কণমানিজনীয়ে খুব কন্দাত শিৱসাগৰৰ এজন শিশু চিকিৎসকক দেখুওৱাত চিকিৎসকে পৰীক্ষা কৰি ঔষধ পাতি দিয়ে যদিও কণমানিজনীৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়৷ পুনৰ পিতৃ-মাতৃয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়।

    ডিব্ৰুগড়ত চিকিৎসকে বিভিন্ন পৰীক্ষা কৰাৰ অন্তত শিশুটিৰ হাৰ্টত ৰোগ ধৰা পৰে আৰু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে। কিন্ত গাড়ীৰ হেণ্ডিমেন কৰি কোনোমতে পৰিয়ালটো পোহপাল দি থকা পিতৃ নৰেন্দ্ৰ মিশ্ৰই কন্যাৰ চিকিৎসা কৰিব কেনেকৈ। দৈনিক উপাৰ্জনেৰে যেনে তেনেহে পেটৰ ভাতমুঠি ওলিয়াই থকা পিতৃয়ে এতিয়া কন্যাৰ চিকিৎসাৰ কথা চিন্তা কৰি হাহাকাৰ কৰিছে। সদায় হাঁহি মাতি থকা কণমানি কন্যাৰ এনে অৱস্থাত এতিয়া একপ্ৰকাৰ দিশহাৰা হৈ পৰা দুৰ্ভগীয়া পিতৃ মাতৃয়ে উপায়বিহীন হৈ কন্যাক অতি শীঘ্ৰেই উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ বাবে চিন্তা কৰিছে।

    কিন্তু ইয়াৰ বাবে প্ৰয়োজন যথেষ্ট ধনৰ। পিতৃ মাতৃয়ে ধাৰ ঋণ কৰি কিছু ধনৰ যোগাৰ কৰিছে যদিও কন্যাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ যোগাৰ কৰিব নোৱাৰি এতিয়া ৰাইজ দল সংগঠনৰ সহায় বিচাৰিছে। পিতৃ মাতৃৰ আশা ৰাইজ সহৃদয় ব্যক্তিৰ সহায় সহযোগত পুনৰ কন্যাৰ মুখত হাঁহি বিৰিঙি উঠিব। কোনো সদাশয় ব্যক্তি অথবা দল সংগঠনে কণমানি ৰিম্পীক সহায় আগবঢ়াব বিচাৰিলে মবাইল ৮০১১১৯৩৭৬৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।

    Input & Photo: Bikash Arandhara

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং