27 C
Guwahati
Wednesday, October 13, 2021
More

    অপৰিষ্কাৰ ৰোধ কৰিবলৈ আছনছোল আৰক্ষীয়ে সহায় ল’লে ‘গব্বৰ’ আৰু ‘বিজয়’ৰ, কিন্তু কোন এই দুজন?

    গব্বৰৰ পোষ্টাৰত লিখা আছে, অৰে অ চাম্বা, লেতেৰা বিয়পোৱাত চৰকাৰে কিমান জৰিমণা লগাইছে

    দেশত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰিষ্কাৰৰ মাত্ৰা। লেতেৰা ৰোধ কৰিবলৈ আছনছোল ৰে’লৱে আৰক্ষীয়ে গ্ৰহণ কৰিছে এটা নতুন পদক্ষেপ। আছনছোল ৰে’লৱে আৰক্ষীয়ে ৰে’লৱে ষ্টেচনত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ চিনেমাৰ পোষ্টাৰৰ সহায় ল’লে।

    তথ্য অনুসৰি আছনছোল ৰে’লৱে আৰক্ষী সুৰক্ষা(RPF)ৰ দলে অপৰিষ্কাৰ কৰা লোকসকলৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিৱৰ্তন কৰিছে জৰিমনাৰ পৰিমান। ইয়াৰ বাবে আৰক্ষীয়ে ভাৰতীয় চিনেমাৰ পোষ্টাৰৰ সহায় লৈছে।

    ৰে’লৱে আৰক্ষীয়ে অপৰিষ্কাৰ ৰোধ কৰিবলৈ ‘শোলে’ ছবিৰ গব্বৰ সিং আৰু ‘দীৱাৰ’ ছবিখনৰ বিজয়ৰ চৰিত্ৰৰ সহায় লৈছে। ‘শোলে’ ছবিত আমজাদ খানে গব্বৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে দীৱাৰ ছবিখনৰ বিজয়ৰ চৰিত্ৰত আছিল অমিতাভ বচ্চন।

    গব্বৰৰ পোষ্টাৰত লিখা আছে, অৰে অ চাম্বা, লেতেৰা বিয়পোৱাত চৰকাৰে কিমান জৰিমণা লগাইছে। ইয়াৰ পিছত গব্বৰ সিং(আমজাদ খান)ৰ ফটো লগোৱা হৈছে। তলত লিখা আছে, ‘৫০০ টকা, সম্পূৰ্ণ ৫০০।’

    ইফালে বিজয়ৰ পোষ্টাৰত লিখা আছে, আছনছোল মণ্ডলত ২০১৯ত লেতেৰা বিয়পোৱা লোকসকলৰ বােব RPF-এ বৰ্তমানলৈ ২০২০ লোকক জৰিমণা বিহিছে। ইয়াৰ পিছত অমিতাভ বচ্চনৰ ফটোৰ সৈতে লিখা হৈছে যে DEEWAARত পিক নেপেলাব।

    ইয়াৰোপৰি আৰু কেইবাগৰাকীও তাৰকাৰ সহায় লৈছে। এখন পোষ্টাৰত লিখিছে যে, যেতিয়ালৈ লেতেৰা বিয়পোৱা লোকসকলক আমি জেললৈ প্ৰেৰণ নকৰো তেতিয়ালৈ কোনোধৰণৰ সলনি নহয়।

    উল্লেখনীয় যে ২০১৪ত ভাৰত চৰকাৰে স্বচ্ছ ভাৰত চৰকাৰৰ শ্লগান দিছিল, লগতে ২ অক্টোবৰত প্লাষ্টিকো নিষিদ্ধ কৰা হৈছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং