31 C
Guwahati
Wednesday, September 28, 2022
More

    প্ৰধানমন্ত্ৰীক সাৱটি কান্দি উঠিল ISROৰ মুৰব্বী, নৰেন্দ্ৰ মোদীয়ে দিলে সান্তনা VIDEO

    চন্দ্ৰযান-২ৰ সৈতে যোগাযোগ বিচ্ছিন্নৰ পিছত শনিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ISROৰ মুখ্য কাৰ্যালয়ত। এই সময়খিনিতে ISROৰ মুৰব্বী কে সিৱানে প্ৰধানমন্ত্ৰী মোদীক সাৱটি ধৰি হুকহুকাই কান্দি উঠে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে ISROৰ মুৰব্বীক দিলে সান্তনা।

    চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণৰ মাত্ৰ কেইটামান ক্ষণ বাকী থকাৰ সময়তে চন্দ্ৰযান-২ৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয়। সেই সময়ত ISROৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পিছত পুৱা পুনৰ প্ৰধানমন্ত্ৰী মোদীয়ে বৈজ্ঞানীকসকলৰ উত্সাহ বৃদ্ধি কৰিবলৈ বেংগালুৰুস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হয়।

    বৈজ্ঞানিকসকলক সম্বোধন জনোৱাৰ পিছত যেতিয়া প্ৰধানমন্ত্ৰী মোদী ISROৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই গৈছিল সেই সময়ত ISROৰ মুৰব্বী কে সিৱানে প্ৰধানমন্ত্ৰীগৰাকীক সাৱটি ধৰি কান্দিব ধৰে। নৰেন্দ্ৰ মোদীয়ে তেওঁক সাৱটি ধৰি সান্তনা দিয়ে।

    প্ৰধানমন্ত্ৰী মোদীয়ে বৈজ্ঞানিকসকলক সম্বোধন জনায় কয় যে নিশ্চিতভাৱে আমি সফল হ’ম, জীৱনত উত্থান–পতন আহি থাকে, এয়া সৰু–সুৰা কৃতিত্ব নহয়, দেশ আপোনাক লৈ গৰ্বিত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং