15 C
Guwahati
Tuesday, January 25, 2022
More

    দিল্লী নিৰ্বাচনঃ ভেলেণ্টাইন ডে’ৰ সৈতে আছে কেজৰিৱালৰ কানেকচন, ১৪ ফেব্ৰুৱাৰীতে ল’ব নেকি শপত?

    ইয়াৰ পিছতে ১৪ ফেব্ৰুৱাৰীৰ দিনটো অৰবিন্দ কেজৰিৱালৰ বাবে হৈ পৰিল বিশেষ দিন

    পুনৰ দিল্লীৰ জনতাই অৰবিন্দ কেজৰিৱালক প্ৰদান কৰিলে ক্ষমতাৰ ছাবি। যদিও আম আদমী পাৰ্টীৰ আসনৰ সংখ্যা হ্ৰাস পাইছে কিন্তু ইয়াৰ পিছতো সহজতে AAPয়ে সংখ্যাগৰিষ্ঠতা অর্জন কৰিবলৈ সক্ষম হয়। কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ বাবে শপতগ্ৰহণ কৰিব। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে অৰবিন্দ কেজৰিৱালে ১৪ ফেব্ৰুৱাৰীতে শপতগ্ৰহণ কৰিব নেকি? দৰাচলতে কেজৰিৱালৰ ১৪ ফেব্ৰুৱাৰীৰ সৈতে আছে বিশেষ কানেকচন।

    বৰ্তমানলৈ অৰবিন্দ কেজৰিৱালে দুবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ বাবে শপতগ্ৰহণ কৰিছে। দৰাচলতে ১৪ ফেব্ৰুৱাৰীৰ সৈতে অৰবিন্দ কেজৰিৱালৰ সম্পৰ্ক এইধৰণৰ- ২০১৩ৰ ৪ ডিচেম্বৰত দিল্লীত হৈছিল বিধানসভা নিৰ্বাচন। ৮ ডিচেম্বৰত ইয়াৰ ফলাফল ঘোষণা কৰা হৈছিল। বিজেপিক ৩১, AAPয়ে ২৮ আৰু কংগ্ৰেছে লাভ কৰিছিল ৮খন আসন। AAP আৰু কংগ্ৰেছে মিলি চৰকাৰ গঠন কৰিছিল। ২৮ ডিচেম্বৰত কেজৰিৱালে পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী পদৰ শপতগ্ৰহণ কৰিছিল। চৰকাৰ গঠন হোৱাৰ পিছত AAP আৰু কংগ্ৰেছৰ সম্বন্ধত লাগিছিল কেনা আৰু ৪৯ দিনলৈ চৰকাৰ চলোৱাৰ পিছত ২০১৪ৰ ১৪ ফেব্ৰুৱাৰীত কেজৰিৱালে পদত্যাগ কৰিছিল। তাৰ পিছতে দিল্লী হৈছিল ৰাষ্ট্ৰপতি শাসনাধিষ্ঠ ৰাজ্য।

    ২০১৫ৰ ১২ জানুৱাৰীত দিল্লীত পুনৰ বিধানসভা নিৰ্বাচনৰ ঘোষণা কৰা হ’ল। নিৰ্বাচনী আয়োগে ৭ ফেব্ৰুৱাৰীত ভোটদান আৰু ১০ ফেব্ৰুৱাৰীত ফলাফল ঘোষণা কৰাৰ কথা ঘোষণা কৰিলে। সেই সময়ত AAPৰ অধ্যক্ষ ৰাঘৱ চড্ডাই কৈছিল যে যদি তেওঁলোকৰ দল ক্ষমতাত আহে তেন্তে অৰবিন্দ কেজৰিৱালে ১৪ ফেব্ৰুৱাৰীত শপতগ্ৰহণ কৰি দিল্লীৰ সৈতে ভেলেণ্টাইন ডে উদযাপন কৰিব। AAPয়ে সমগ্ৰ শক্তিৰে নিৰ্বাচন খেলিলে আৰু ৭০ৰ ভিতৰত ৬৭ আসন লাভ কৰি ইতিহাস ৰচিলে। কংগ্ৰেছে এখনো আসনো লাভ নকৰিলে। জয়ী হোৱাৰ পিছত কেজৰিৱালে ১৪ ফেব্ৰুৱাৰীত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী পদৰ বাবে শপতগ্ৰহণ কৰিছিল।

    ইয়াৰ পিছতে ১৪ ফেব্ৰুৱাৰীৰ দিনটো অৰবিন্দ কেজৰিৱালৰ বাবে হৈ পৰিল বিশেষ দিন। চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত ২০১৬ৰ ১৪ ফেব্ৰুৱাৰীত তেওঁ টুইট কৰিলে। লিখিলে বিগত বছৰত, এই দিনটোতে দিল্লীৰ সৈতে AAPৰ ভালপোৱাৰ সম্পৰ্ক গঢ়ি উঠিছিল।

    Photo credit: financialexpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং